সোণাৰিত সীমান্তবাসীয়ে শ্ৰমদানেৰে নিৰ্মাণ কৰিলে পথ

0 217

সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম নগালেণ্ড সীমান্তৱৰ্তী কানুবাৰী বালিজান গাঁৱৰ ৰাইজে আজি পুৱা শ্ৰমদান কাৰ্যসূচীৰ যোগেদি গাঁওখনৰ মূল পথটো মেৰামতি কৰে। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা পথটো নিৰ্মাণ কৰিবৰ বাবে ইতিমধ্যে গঞা ৰাইজে কেইবাবাৰো স্থানীয় সাংসদ, বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছিল। শেহতীয়াকৈ যাতায়তৰ অনুপযোগী হৈ পৰা পথটো মেৰামতিৰ বাবে চৰকাৰলৈ বাট নাচাই আজি স্থানীয় ৰাইজে নিজে হাতে কামে লাগি মেৰামতিৰ ব্যৱস্থা কৰে। পুৱাই গাঁওখনৰ যুৱক সকলে হাতে হাতে কোৰ আদি লৈ ওলাই আহি পথটোৰ মেৰামতিৰ কামত লাগি পৰে।উল্লেখযোগ্য যে, কৃষি কাৰ্য বিশেষকৈ চাহ খেতিৰ ওপৰত নিৰ্ভৰশীল অঞ্চলটোৰ ৰাইজ পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে নৰক যন্ত্ৰণা ভোগ কৰি আছিল। ফলত উপায়ন্তৰ হৈ আজি ৰাইজে শ্ৰমদানেৰে পথটোৰ মেৰামতিৰ কাম হাতত ল’বলৈ বাধ্য হয়।

Leave A Reply

Your email address will not be published.