সোণাৰিৰ ঔগুৰি শ্যাম গাঁৱৰ বৌদ্ধ ধৰ্মাৱলম্বী অঞ্চলত বৰ্ষাবাস প্ৰবাৰণা তিথি পালন

0 285

বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম প্ৰধান উৎসৱটো হ’ল বৰ্ষাবাস প্ৰবাৰণা তিথি। তিনিমাহ জুৰি বিভিন্ন ৰীতি নীতিৰে শাওণ মাহৰ পুৰ্ণিমাৰ তিথিৰপৰা লক্ষ্মী পুৰ্ণিমালৈকে জীৱন যাপন কৰাৰ অন্তত লক্ষ্মী পূৰ্ণিমাত সামৰণি পৰে।
 
 
উল্লেখযোগ্য যে এই তিনি মাহ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বাবে পবিত্ৰ মাহ।এই সময়ছোৱাত তেওঁ লোকে নিজৰ মিতিৰ কুটুম্বৰ ঘৰলৈ অহা যোৱা নকৰে, বিয়া-সকাম আদি নাপাতে।পৰাপক্ষত বৌদ্ধ ধৰ্মৰ মূল নীতিৰ অষ্টশীল ধাৰণ কৰি সকলোৱে উপবাসে থাকিবলৈ চেষ্টা কৰে। এই বৰ্ষাবাস প্ৰবাৰণা তিথিৰ সামৰণিত সোণাৰিৰ অসম নাগালেণ্ড,অৰুণাচল প্ৰদেশ সীমান্তৰ ঔগুৰি শ্যাম গাঁৱৰ বৌদ্ধ বিহাৰত ভিক্ষুৰপৰা আশীষ লৈ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে আকাশ বন্তি বৌদ্ধ সকলৰ ভাষাত ফুং-ফাই উৰোৱাই অপায় অমংগল দূৰ কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।
 
 
অসমৰ বিভিন্ন প্ৰান্তত থকা বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ লগতে চৰাইদেউ জিলাৰ ঔগুৰি শ্যাম গাওঁ, ৰহন শ্যাম গাওঁ, দিচাংপানী শ্যাম গাওঁ, চলাপথাৰ আদি বৌদ্ধ ধৰ্মাৱলম্বী বসতিপ্ৰধান অঞ্চলসমুহতো বৰ্ষাবাস প্ৰবাৰণা তিথিৰ সামৰণি পৰে। গাঁওবাসীৰ এটাই আশা যাতে এই তিথিয়ে জনসাধাৰণৰ অপায় অমংগল দূৰ কৰি এক শান্তিৰ বাতাবৰণ সমাজত প্ৰতিষ্ঠা কৰে।
খবৰ যুগুতালে সোণাৰিৰপৰা অভিজিৎ ভূঞাই

Leave A Reply

Your email address will not be published.