সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহু উদযাপন

0 265

চৰাইদেউ মহকুমা ছাত্ৰ সন্থাই সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সোণাৰিবাসীৰ সহযোগত বিগত বাৰ বছৰে অনুষ্ঠিত কৰি অহা ৰঙালী বিহু সন্মিলন খন আজি অনুষ্ঠিত হয়।
 
সামাজিক দূৰত্ব বজাই ৰাখি আনুষ্ঠানিক ভাৱে অনুষ্ঠিত হ’ল বিহু সন্মিলনৰ কাৰ্যসূচী। সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় বাকৰিত অনুষ্ঠিত বিহু সন্মিলনৰ কাৰ্যসূচীত সীমিত সংখ্যক বিহুৱা-নাচনীয়ে বিহু পৰিৱেশন কৰি বিহু বাকৰি জীপাল কৰি তোলে।
 
উদযাপন সমিতিৰ সভাপতি ডিম্বেশ্বৰ কোঁৱৰ আৰু সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৌশিক গগৈয়ে ক্ৰমে বিহু পতাকা আৰু আছু পতাকা উত্তোলন কৰা লগতে চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অমিত দত্তই শ্বহীদ তৰ্পন কৰে। আনহাতে অনুষ্টুপীয়াকৈ অনুষ্ঠিত বিহু সন্মিলনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি সাম্প্ৰতিক পৰিস্থিতিত ক’ৰণা বিৰোধী যুঁজত সবল ভুমিকা গ্ৰহণ কৰা চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়া, অতিৰিক্ত উপায়ুক্তদ্বয় জিতু কুমাৰ দাস, প্ৰণৱ কুমাৰ বৰা আৰু দীপক কুমাৰ ভূঞাৰ লগতে চৰাইদেউ জনসংযোগ বিষয়া জয়ন্ত মাউতক উপায়ুক্ত কাৰ্যালয়ত আছুৰ উপ সভাপতি মানিক গগৈৰ নেতৃত্বত সম্বৰ্ধনা জনাই ছাত্ৰ সন্থাৰ কৰ্মীসকলে।
খবৰ যুগুতালে সোণাৰিৰপৰা অভিজিৎ ভূঞাই..

Leave A Reply

Your email address will not be published.