সোনোৱাল চৰকাৰৰ কৃতিত্ব-দেশৰ সবাতোকৈ উন্নীত বৃহৎ ৰাজ্যৰ শীৰ্ষস্থানত অসম

0 223

ইণ্ডিয়া টুডে’ৰ সমীক্ষাত দেশৰ সবাতোকৈ উন্নতি হোৱা বৃহৎ ৰাজ্যৰ তালিকাৰ শীৰ্ষ স্থান লাভ কৰিছে অসমে।২০১৮চনৰ পৰা ২০২০ চনলৈ এই তিনিটা বছৰত অসমে একেৰাহে সবাতোকৈ উন্নীত ৰাজ্যৰ শীৰ্ষৰ স্থান লাভ কৰা বুলি ৰাষ্ট্ৰীয় আলোচনীখনৰ সমীক্ষাত প্ৰকাশ পাইছে।
 
ইণ্ডিয়া টুডে’ৰ হৈ দিল্লীৰ মাৰ্কেটিং এণ্ড ডেভেলপমেণ্ট ৰিছাৰ্চ এছ’চিয়েটৰ নামৰ গৱেষণা প্ৰতিষ্ঠানটোৱে বিভিন্ন দিশৰ ওপৰত অধ্যয়ন কৰি তথা সমীক্ষা চলাই দেশৰ ৰাজ্য সমূহক সৰ্বোত্তম প্ৰদৰ্শনকাৰী ৰাজ্য, সবাতোকৈ উন্নীত ৰাজ্য শিতানত মূল্যাংকন কৰিছে।তদুপৰি এই শিতানত বৃহৎ ৰাজ্য আৰু সৰু ৰাজ্য পৃথক কৰা হৈছে। ইণ্ডিয়া টুডে’ৰ এই সমীক্ষা অনুসৰি দেশৰ বৃহৎ ৰাজ্য সমূহৰ ভিতৰত সবাতোকৈ উন্নীত ৰাজ্যৰ শীৰ্ষ স্থান লাভ কৰিছে অসমে।এই শিতান অসমে ২০০০ পইণ্টৰ ভিতৰত ১,২২২.৩ পইণ্ট লাভ কৰি শীৰ্ষ স্থান দখল কৰিছে।
 
দ্বিতীয় স্থানত আছে অন্ধপ্ৰদেশ।এই শিতানৰ একেবাৰে শেষৰ স্থানত পাইছে উত্তৰাখণ্ডে।
আনহাতে সবাতোকৈ উন্নীত দেশৰ সৰু ৰাজ্য সমূহৰ ভিতৰত মণিপুৰে শীৰ্ষ স্থান দখল কৰিছে।এই শিতান দ্বিতীয় স্থান দখল কৰিছে মেঘালয়ে ।এই তালিকাৰ একেবাৰে শেষত অৰ্থাৎ দশম স্থানত আছে পণ্ডিচেৰী।ইণ্ডিয়া টুডে’ৰ এই সমীক্ষাই ক’ৰনাকালীন পৰিস্থিতিৰো মূল্যায়ন কৰিছে।ক’ৰনা মোকাবিলা কৰাৰ বাবে উত্তম ব্যৱস্থাপনা কৰা বৃহৎ ৰাজ্য তালিকাত আছে অসম।১০০ পইণ্টৰ ভিতৰত অসমে লাভ কৰিছে ৭৪.২ পইণ্ট।এই শিতানত দ্বিতীয় স্থানত আছে অন্ধ্ৰপ্ৰদেশ।
ক’ৰণা মহামাৰীক মোকাবিলা কৰাৰ ক্ষেত্ৰত সৰু ৰাজ্য সমূহৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিছে অৰুণাচল প্ৰদেশ।এই শিতানত দ্বিতীয় স্থানত আছে মিজোৰাম।আনহাতে সকলো ক্ষেত্ৰতে সৰ্বোত্তম প্ৰদৰ্শন কৰা দেশৰ বৃহৎ ৰাজ্য সমূহৰ ভিতৰত শীৰ্ষ স্থানত আছে তামিলনাডুৱে। সৰ্বোত্তম প্ৰদৰ্শন কৰা দেশৰ সৰু ৰাজ্য সমূহৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিছে গোৱাই ।
ইণ্ডিয়া টুডে’ৰ সমীক্ষাত অসমে সবাতোকৈ উন্নীত ৰাজ্যৰ শীৰ্ষ স্থান লাভ কৰা বাবে ৰাজ্য চৰকাৰক অভিনন্দন জনাইছে ৰাজ্যিক বিজেপিয়ে।ৰাজ্যিক বিজেপি মুখপাত্ৰ জানকী খাউণ্ডে এটা বিবৃতিত কয় যে সোনোৱালৰ চৰকাৰৰ নেতৃত্বত অসমে পাইছে বিকাশৰ নতুন গতি।ৰাইজক দিয়া প্ৰতিশ্ৰুতি বাস্তবায়িত কৰি অসমৰ সৰ্বাংগীন বিকাশৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন মিত্ৰজোট চৰকাৰে অহোপুৰুষাৰ্থ কৰিছে ।
ইণ্ডিয়া টুডে’ৰ সমীক্ষাই চৰকাৰৰ এই সফলতা পুনৰবাৰ প্ৰতিপন্ন কৰিছে।সামগ্ৰী উন্নয়ন ক্ষেত্ৰত অসমে অন্ধ্ৰপ্ৰদেশ,মধ্যপ্ৰদেশৰ দৰে ৰাজ্য সমূহক চেৰ পেলাইছে।বিজেপি মুখপাত্ৰ গৰাকীয়ে কয় যে ২০১৬ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিয়েই সৰ্বানন্দ সোনোৱালে অসমক দেশৰ প্ৰথম শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছিল। এই প্ৰতিশ্ৰুতি এতিয়া বাস্তৱত পৰিণত হৈছে।ইয়াৰ বাবে তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.