সোমবাৰৰ পৰা মহানগৰীত হ’ব লকডাউন

0 175

আজি এন এইচ এমৰ কাৰ্যালয়ত হোৱা এখন সংবাদমেল সম্বোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত গুৱাহাটীত মহানগৰীতে সম্পূৰ্ণ লকডাউন ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে।
 
 
কোভিড-১৯ ৰ ভয়াৱহ সামাজিক সংক্ৰমণৰ পৰা মহানগৰবাসীক সুৰক্ষা দিবলৈ এই ঘোষণা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰবিবাৰে নিশা ১২বজাৰ পৰা ১২ জুলাই লৈকে লকডাউনৰ ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে।
 
ইয়াৰ পূৰ্বে মহানগৰীৰ ১১টা ৱাৰ্ডত লকডাউনৰ ঘোষণা কৰিছিল মহানগৰ জিলা প্ৰশাসনে। লকডাউনৰ প্ৰথম সাতদিন অত্যন্ত কঠোৰ হ’ব। শুক্ৰবাৰে সন্ধিয়া ৭বজাৰ পৰা পুৱা ৭বজালৈ কঠোৰ হ’ব সান্ধ্যআইন।
লকডাউনৰ সময়ছোৱাত গুৱাহাটীত মহানগৰীত শাক-পাচলি, গেলামালৰ দোকান, মঠ মন্দিৰ আদিবোৰ খোলা নাথাকিব। ইয়াৰ পৰিৱৰ্তে ফাৰ্মাচী আৰু হস্পিতালৰ লগতে জৰুৰী সেৱা সমূহহে খোলা থাকিব। ৰাজহুৱা আৰু ব্যক্তিগত কোনোধৰণৰ বাহনৰ চলাচল বন্ধ থাকিব। পূৰ্বৰ দৰে এইবাৰৰ লকডাউনৰ সময়ছোৱাত যান বাহন চলাচলৰ বাবে কোনোধৰণৰ পাছ প্ৰযোজ্য নহয়। সমান্তৰালভাৱে সকলোধৰণৰ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় সমূহ বন্ধ থাকিব।
বৰ্তমান যিহেতু বানপানীৰ সময় সেয়েহে বানপানীৰ সৈতে জড়িত বাহনৰ চলাচল চলি থাকিব।মৃতকৰ শেষকৃত্য সমাপন কাৰ্যসূচীত ২০গৰাকীতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব। বেংক বিলাক অতি কম সংখ্যক কৰ্মচাৰীৰে চলোৱাৰ নিৰ্দেশ।ৰাজ্যৰ বিদ্যুত যোগান বিভাগ, খোৱাপানী যোগান তথা সংবাদ মাধ্যম সমূহৰ সেৱা লকডাউনৰ সময়ছোৱাত খোলা থাকিব।

Leave A Reply

Your email address will not be published.