সৌভাগ্য আচঁনিৰ অধীনত ৰাজ্য খনৰ ৪ লাখ ৮০ হাজাৰ ২৪৯ টা পৰিয়াললৈ নতুন বিদ্যুৎ সংযোগ প্ৰদান কৰা হ’ব – মুখ্যমন্ত্ৰী

0 217

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শক্তিমন্ত্ৰী বিমল বৰাৰ উপস্থিতিত গুৱাহাটীৰ বিজুলী ভৱনত আয়োজিত এক বৈঠকত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড ,অসম শক্তি উৎপাদন নিগম লিমিটেড আৰু অসম বিদ্যুৎ সংবহন নিগম লিমিটেড ৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে।মুখ্য সচিব তথা শক্তিখণ্ডৰ এই তিনিওটা কোম্পানীৰ অধ্যক্ষ জিষ্ণু বৰুৱাই এই বৈঠকত লোৱা বিভিন্ন পদক্ষেপৰ ফলস্বৰূপে হোৱা অগ্ৰগতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীক অৱগত কৰে।
এই পৰ্যালোচনা বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত সম্প্ৰতি শক্তি বিভাগে উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।২০২০ চনৰ জুলাই মাহত সংগৃহীত ৰাজহৰ পৰিমাণ আছিল ৪৬৩.১২২ কোটি টকা।ইয়াৰ বিপৰীতে চলিত বৰ্ষৰ জুলাই মাহত ৭৩৫.১৬ কোটি টকা ৰাজহ সংগৃহীত হৈছে। বিভাগটো বিষয়া তথা কৰ্মচাৰী সকলৰ নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে এয়া সম্ভৱ হৈছে বুলি মন্তব্য কৰি কয় যে চাহ বাগিচা শ্ৰমিক আৰু দৰিদ্ৰ সীমাৰেখা তলৰ বিদ্যুৎ গ্ৰাহকৰ অনাদায় বিল প্ৰদানৰ সুবিধাৰ্থে আজিৰ বৈঠকত এনে অনাদায় বিল আদায়ৰ সময়ত আদায় দিব লগা ২০ শতাংশ ওপৰঞ্চি মাচুল ৰেহাইৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।সেয়ে চাহ শ্ৰমিক আৰু দৰিদ্ৰ সীমাৰেখা তলৰ বিদ্যুৎ গ্ৰাহকে এই ২০ শতাংশ ওপৰঞ্চি মাচুল নিদিয়াকৈয়ে এতিয়া তেওঁলোকৰ বকেয়া বিদ্যুতৰ বিল ১০ টা কিস্তিত আদায় দিব পাৰিব। মুখ্যমন্ত্ৰীয়ে লগতে সদৰি কৰে যে সৌভাগ্য আঁচনিৰ অধীনত নতুন বিদ্যুৎ সংযোগৰ বাবে ৰাজ্য খনে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১৭১৯ কোটি টকা অনুমোদন লাভ কৰিছে।এই ধনৰাশিয়ে ৰাজ্য খনৰ ৪ লাখ ৮০ হাজাৰ ২৪৯ টা পৰিয়াললৈ নতুন বিদ্যুৎ সংযোগ প্ৰদান কৰিব পৰা যাব।তেওঁ লগতে কয় যে ৰাজ্য খনৰ ৪৮ হাজাৰ ৫৫৭ টা অংগনবাড়ী কেন্দ্ৰ আৰু ১৩ হাজাৰ ৩২১ খন প্ৰাথমিক বিদ্যালয়ত বিদ্যুৎ সংযোগৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।চলিত বছৰৰ ডিচেম্বৰ মাহৰ ভিতৰত এই বিদ্যুৎ সংযোগ কৰিব পৰা যাব বুলিও মন্তব্য কৰি কয় যে ৰাজ্য খনৰ সকলো চৰকাৰী কাৰ্যালয় বিদ্যুতৰ বিল প্ৰতি মাহৰ ১ তাৰিখেই এপিডিচিএলক আদায় দিয়াৰ বাবেও সিদ্ধান্ত লোৱা হৈছে।বিদ্যুতৰ সংবহন তথা বিতৰণত হোৱা ক্ষতি আৰু বিদ্যুৎ চুৰি আদি কাৰক সমূহৰ বাবে বিদ্যুৎ বিভাগে এতিয়াও প্ৰতিমাহে প্ৰায় ১০২ কোটি টকা লোকচান ভৰি আছে বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে লোকচান পৰিমাণ হ্ৰাস কৰাৰ বাবেও পদক্ষেপ লোৱা হ’ব।তেওঁ লগতে কয় যে এপিডিচিএলৰ ১৬০০ টা খালি পদ পূৰণৰ বাবে ইতিমধ্যে হৈ যোৱা পৰীক্ষা ফলাফলো শীঘ্ৰে ঘোষণা কৰা হ’ব।
আজিৰ এই বৈঠক শক্তি বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা,এপিডিচিএল,এপিজিচিএল, আৰু এইজিচিএলৰ পৰিচালন সঞ্চালকৰ উপৰিও ভিডিঅ’ কনফাৰেন্সৰ ব্যৱস্থা যোগে শক্তি বিভাগৰ ৪৫ টা সংমণ্ডল সহকাৰী মহাপ্ৰবন্ধক আৰু ১৯ টা বৈদ্যুতিক চাৰ্কুলৰ মুখ্য কাৰ্যবাহী বিষয়া সকলেও অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.