স্বচ্ছতাৰ পদক্ষেপ গ্ৰহণ কৰিলে

0 251

সমগ্ৰ দেশে কালি বিস্তৃত কাৰ্যসূচীৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ তম্ জন্ম বাৰ্ষিকী উদযাপন কৰে। মহাত্মা গান্ধীৰ  আদৰ্শ বিশ্বৰ বাবেই প্ৰেৰণাৰ স্ৰোত। সেয়েহে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে দক্ষিণ কামৰূপৰ প্ৰাণ কেন্দ্ৰস্বৰূপ মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চ’কত পলাশবাৰী আৰক্ষীয়ে স্বচ্ছ ভাৰত অভিযান চলায়। পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৈত্যন্দ্ৰ সিং হাজাৰীৰ নেতৃত্বত কালি ৰাতিপুৱা হাতে হাতে ঝাড়ু দা কোৰ আদি লৈ মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চ’কত চাফাই অভিযান চলায়। এই চাফাই অভিযানকালত পলাশবাৰী আৰক্ষী থানাৰ লগতে থানাখনৰ অন্তৰ্গত ৰাণী, বিজয়নগৰ, পলাশবাৰী নগৰ উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া, জোৱান, পলাশবাৰী গাঁওৰক্ষী বাহিনীৰ সম্পাদক মইনুল হক আৰু মহিলাই প্ৰায় ৫-৬ কিলোমিটাৰ ৰাস্তাত আৱৰ্জনা চাফাই কৰাৰ উপৰিও থানাৰ চৌহদ পৰিস্কাৰ পৰিচন্ন কৰি এক সুকীয়া স্বচ্ছ পৰিবেশৰ সৃষ্টি কৰে। আনহাতে উক্ত চ’কতেই মিৰ্জাস্থিত ব্যৱসায়িক প্ৰতিষ্ঠান ইষ্টাৰ্ন ইলেক্ট্ৰনিকচৰ স্বত্তাধিকাৰী নৱ কলিতাৰ প্ৰচেষ্টাত প্ৰায় ২৫ জন যুৱকৰ চাফাই অভিযান চলোৱাৰ লগতে স্বেচ্ছাসেৱী সংগঠন ‘আকাক্ষা অসম’ৰ কৰ্মকৰ্তাসকলেও চাফাই অভিযান চলায়। লগতে ৩৬ নং কাহিকুছি গাঁও পঞ্চায়ত উদ্যোগত ভি.আই.পি. চ’কৰ পঞ্চায়তখনৰ বিষয়া কৰ্মচাৰীসকলে এক চাফাই অভিযান চলায়। কাৰ্যসূচীৰ শেষত সকলোকে নিজৰ নিজৰ ঘৰৰ চৌপাশ, ৰাজহুৱাস্থান, মন্দিৰ-মছজিদ, অনুষ্ঠান-প্ৰতিষ্ঠান আদি প্ৰতিদিনে পৰিস্কাৰ কৰি ৰাখিবলৈ আৰু  প্লাষ্টিক বৰ্জন কৰিবলৈ সমূূহ ৰাজ্যবাসীক  আহ্বান জনায়।খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি  দাসে 

Leave A Reply

Your email address will not be published.