গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ সামূহিক গৃহত অলপতে গুৱাহাটীৰ গীতানগৰস্থিত আয়ুৰ্বেদ হেলথ কেয়াৰৰ উদ্যোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায় । শিবিৰত ডাঃ বৰ্ণালী দাস, ডাঃ স্মৃতিশিখা গগৈ, ডাঃ বিজয় দাস, ডাঃ হিমাশ্ৰী বৰা আৰু স্বাস্থ্যকর্মী প্ৰাণেশ্বৰ ডেকাই অৰ্দ্ধ শতাধিক লোকৰ ৰক্তচাপ, চুগাৰ তথা মধুমেহৰ উপৰিও অত্যাধুনিক যন্ত্ৰৰ সহায়ত শৰীৰৰ সকলো ধৰণৰ বিষ আৰু পুৰণি বেমাৰৰ পৰীক্ষা কৰে । আনহাতে চিকিৎসকৰ দলটোৱে ৰোগ চিনাক্ত হোৱা লোক সকলক ৰোগ নিৰাময় আৰু আৰোগ্য সন্দৰ্ভত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় । তেনেদৰে স্বাস্থ্য পৰীক্ষাৰ পাছত সুলভ মূল্যত ৰোগী সকলোক দৰব প্ৰদান কৰা হয় ।
Trending
- চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ আইৰণ লেডীৰ
- আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান