স্বেচ্ছাসেৱী সংস্থা গুঞ্জৰ  ঢকুৱাখনাৰ ৪৭ গৰাকী আশা কৰ্মীলৈ স্বাস্হ্য সঁজুলি  প্ৰদান

0 254

ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেচৰকাৰী  স্বেচ্ছাসেৱী সংস্থা গুঞ্জৰ  সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত শনিবাৰে  লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ ৪৭ গৰাকী অগ্ৰণী ক`ভিড যোদ্ধা আশা কৰ্মীক স্বাস্থ্য সঁজুলিৰ লগতে সজাগতা সামগ্ৰী বিনামূলীয়া ভাৱে প্ৰদান কৰা হয়।  সংগঠনটোৰ সমন্বয়ক দীপেন শইকীয়াৰ উদ্যোগত  শনিবাৰে দুপৰীয়া ঢকুৱাখনা নগৰৰ নৰ্মাল স্কুল প্ৰাংগনত এই সন্দৰ্ভত অনুষ্ঠিত এক  বিতৰণ সভাত  মহামাৰী ক`ভিড ১৯ ৰ সংক্ৰমণ ৰোধ আৰু নিঃশেষ কৰাৰ বাবে  স্বাস্থ্য বিভাগৰ  নিৰবিছিন্ন অংশ হিচাপে আশা কৰ্মী সকলে আগবঢ়াই যোৱা সেৱাৰ শলাগ লোৱা হয়।  ক`ভিড নিৰ্মূল যুদ্ধ খনৰ অগ্ৰণী যোদ্ধা স্বৰুপ এই আশা কৰ্মী সকলৰ মানৱ সেৱাৰ সহায়ক হোৱাকৈ গুঞ্জৰ তৰফৰ পৰা  প্ৰতি গৰাকী আশা কৰ্মীক  দুটাকৈ অক্সিমিটাৰ ,৪টাকৈ থাৰ্ম মিটাৰ ,এক লিটাৰকৈ চেনিটাইজাৰ , ২৫ পেকেট কৈ অ’ আৰ এছ পেকেট , ১০০টাকৈ পেৰাচিতামল টেবলেট ,১০০টাকৈ ভিটামিন বি’ টেবলেট , ১০০ খনকৈ মাস্ক , ১০০ খনকৈ গ্লোভচ , ২ টাকৈ ইলেকট্ৰনিক অক্সিমিটাৰ বিনামূলীয়া ভাৱে যোগান ধৰা হয় । স্বাস্থ্য বিভাগৰ  প্ৰাথমিক কৰ্মী  হিচাপে আশা কৰ্মী সকলৰ নিৰবিছিন্ন সেৱা আগবঢ়োৱাত এই স্বাস্থ্য সঁজুলি সমূহে মহৎ উপকাৰ সাধন কৰাত সহায়ক হ`ব বুলি আশাকৰ্মী সকলে মত ব্যক্ত কৰি বেচৰকাৰী সংগঠন গুঞ্জ আৰু সমন্বয়ক দীপেন শইকীয়াৰ এনে প্ৰয়াসৰ শলাগ লয়। 
বাতৰি যুগুতালে  ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.