স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত প্ৰথম কাৰ্যকৰী বৈঠক অনুষ্ঠিত

0 781

যোৰহাট জিলাৰ পশ্চিম যোৰহাটৰ ম’হবন্ধাস্থিত স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ সংগ্ৰহালয় ভৱন পৰিচালনা সমিতিৰ প্ৰথম কাৰ্যকৰী বৈঠক সভা আজি দিনৰ ভাগত অনুষ্ঠিত হয়।সভাত উপাধ্যক্ষ দয়ানন্দ বৰগোহাঞিয়ে পৌৰাহিত্য কৰে । উক্ত সভাত সঞ্চালক সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কিশোৰ ঠাকুৰীয়া, উপায়ুক্ত অশোক কুমাৰ বৰ্মন,পদ্মশ্ৰী ড° যোগেন্দ্ৰ নাথ ফুকন, টিংখাং কলেজৰ প্ৰাক্তন অধ্যক্ষ জীৱেশ্বৰ মহন, টিংখাং কলেজৰ উপাধ্যক্ষ ড° যতীন কোঁৱৰ প্ৰমুখ্যে অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়া পুৰাতত্ত্ব বিভাগ, সংগ্ৰহালয়, পৰ্যটন বিভাগ, গড়কাপ্তানি বিভাগ তথা স্থানীয় দল সংগঠনৰ বিষয়ববীয়া আৰু সমাজকৰ্মী সকলে ভাগ লয় । উক্ত সভাত উপস্থিত সভ্যসকলৰ দিহা পৰামৰ্শ উপস্থাপন কৰা হয় । বিতং আলোচনাৰ পিছত সভাই নিম্নোক্ত কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লয় ।
১) সংগ্ৰহালয়ৰ বৰ্তমানৰ ভৱনটো আধুনিক যুগৰ লগত খাপ খাব পৰাকৈ উন্নীত কৰাৰ বাবে উপযুক্ত ব্যক্তিক এখন আঁচনি প্ৰস্তুত কৰোৱাৰ বাবে কাৰ্যপন্থা গ্ৰহণ ।
২) বৰ্তমান সংগ্ৰহালয়ত থকা সামগ্ৰীসমূহৰ এখন তালিকা প্ৰস্তুত কৰা হঁওক ।
৩) নতুন সামগ্ৰী সংগ্ৰহ ক্ৰয় বিনিময় কৰাৰ বাবে উপযুক্ত পন্থা গ্ৰহণ কৰা হওক।
৪) স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শ অনুসৰি এই সংগ্ৰহালয়টোৱে সমগ্ৰ উত্তৰ পূৱৰ জাতি জনগোষ্ঠীৰ আশা আকাংক্ষা আৰু কৃষ্টি সংস্কৃতি প্ৰতিফলিত কৰিব পৰা আঁচনি লোৱা হওক ।
৫) মূল্যৱান সামগ্ৰী সমূহৰ ৰক্ষণাবেক্ষণ তথা পোক পৰুৱাৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ ।
৬) দৰ্শকসকলৰ বাবে সংগ্ৰহালয়ৰ সামগ্ৰী সমূহৰ সবিশেষ তাৎপৰ্য জনোৱা “অ’ডিঅ’ টেপ” প্ৰচলন কৰাৰ ব্যৱস্থা ।
৭) ব্ৰেইলি পদ্ধতিৰ লিখন প্ৰচলন কৰা ।
৮) ইলেকট্ৰনিক মাধ্যমত ডিজিটেল প্ৰচাৰ প্ৰচলন কৰা
৯) শিশুসকলক সংগ্ৰহালয়ৰ প্ৰতি আকৰ্ষিত কৰিবলৈ যথোপযুক্ত আঁচনি গ্ৰহণ কৰা
১০) দাতাসকলৰ নাম সামগ্ৰীসমূহৰ লগত লিখি ৰখা
১১) উপৰোক্ত আঁচনিসমূহ প্ৰস্তুত কৰা আৰু বৰ্তমানৰ কৰণীয় কামখিনি সুকলমে চলাই নিবলৈ এখন উচ্চ পৰ্যায়ৰ উপসমিতি গঠন কৰা হয়।এই কমিটিৰ সভ্যসকল ক্ৰমে ড° দয়ানন্দ বৰগোহাঞি, কিশোৰ ঠাকুৰীয়া, পদ্মশ্ৰী ড° যোগেন্দ্ৰ নাথ ফুকন, জীৱেশ্বৰ মহন, ড° যতীন কোঁৱৰ, জিলা সংগ্ৰহালয় বিষয়া অৱন্তিকা পৰাশৰ, ই এ চিৰ সাংস্কৃতিক সঞ্চালকালয় হৰেকৃষ্ণ ডেকা, নৱজিত দেউৰী পুৰাতত্ত্ব বিভাগ, অসম আৰু সমাজসেৱক অৰুণ বৰপাত্ৰ গোহাঁঞি উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.