সৰ্তকতা সজাগতা সপ্তাহ উদযাপন

0 250

ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূবৰ ক্ষেত্ৰীয় মুখ্য কাৰ্য্যালয়ৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে সৰ্তকতা সজাগতা সপ্তাহ। এই উপলক্ষ্যে ডক্তৰ ভূপেন হাজৰিকা সভাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত বিষয়া,অভিযন্তা,কৰ্মচাৰী সকলক সৰ্তকতা সজাগতা সপ্তাহৰ শপত বাক্য পাঠ কৰোৱাই প্ৰাধিকৰণৰ উত্তৰ পূবৰ ভাৰপ্ৰাপ্ত ক্ষেত্ৰীয় কাৰ্য্যবাহী সঞ্চালক জে টি ৰাধাকৃষ্ণই।আনহাতে প্ৰাধিকৰণৰ জন সম্পৰ্কৰক্ষী বিষয়া ইন্দ্ৰ মোহন কুমাৰে জানিবলৈ দিয়া মতে প্ৰাধিকৰণৰ নিৰ্দেশনা অনুসৰি গুৱাহাটী বিমান বন্দৰৰ উপৰিওযোৰহাট,তেজপুৰ,ডিব্ৰুগড,লীলাবাৰী,শিলচৰ,ৰুপসী,আগৰতলা,ইম্ফল ,ডিমাপুৰ ,শ্বিলং,আইজলৰ লেংপুই বিমান বন্দৰত সৰ্তকতা সজাগতা কাৰ্য্যসূচী শুভাৰম্ভ হয়।

Leave A Reply

Your email address will not be published.