সৰ্বভাৰতীয় পৰ্য্যায়ত উজলিছে অসমৰ এগৰাকী শিক্ষয়িত্ৰী

0 294

সাম্প্ৰতিক সময়ত ক’ভিড-১৯ মহামাৰীৰ প্ৰকোপত সমগ্ৰ বিশ্বৰ জনজীৱন স্থবিৰ হৈ পৰিছে।যাৰ ফলত  ভাৰ্চুৱেলি অনুষ্ঠান সমূহ অনুষ্ঠিত হৈছে। সৰ্ব ভাৰতীয় পৰ্য্যায়ত তেনে অনুষ্ঠানবোৰত উজলি উঠা এটা নাম হ’ল পল্লবী নেওগ বৰা।
 
 
শোণিতপুৰ জিলাৰ তেজপুৰৰ নিবাসী কাঠনিবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী আৰু সঞ্জীৱ বৰা সোঁৱৰণী জনকল্যাণ প্ৰতিষ্ঠানৰ সম্পাদিকা পল্লবী নেওগ বৰায়ে শৈক্ষিক আৰু সামাজিক দিশত আগবঢ়োৱা পাৰদৰ্শিতাৰ বাবে ২০২০ বৰ্ষৰ Woman Excellence Achievement Award লাভ কৰিছে।
 
আনহাতে  মহিলা সবলীকৰণৰ বাবে বিশ্বনাথ জিলাৰ ৩৫০ গৰাকী মহিলাক একেবছৰতে প্ৰশিক্ষণ আৰু সংস্থাপনৰ পথ প্ৰদৰ্শন কৰাৰ বাবে India Inspirational Women Award ২০২০ ও লাভ কৰিছে। পল্লৱী বৰাৰ এই সাফল্যক সকলোৱে প্ৰশংসা কৰিছে।

Leave A Reply

Your email address will not be published.