সৰ্বােচ্চ শৃংগ মাউন্ট এভাৰেষ্টত ভৰি দিলে অৰুণাচল প্ৰদেশৰ যুৱতীয়ে

0 189

দুসময়ৰ মাজতে উত্তৰ পূবলৈ সুখবৰ কঢ়িয়াইছে এগৰাকী অৰুণাচলী যুৱতীয়ে। অৰুণাচল প্ৰদেশৰ টাচি য়ংজাম নামৰ যুৱতী গৰাকীয়ে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে প্ৰতিকূল বতৰ আৰু ক`ৰণা মাজতো অত্যাধিক সাৱধানতাৰে এভাৰেষ্ট জয় কৰে টাচি য়ংজামে। প্ৰাপ্ত তথ্য অনুসৰি যোৱা ১১ মে’ত পুৱা ৬ বজাত তেওঁ সৰ্বোচ্চ শৃংগটোত আৰোহণ কৰে।মন কৰিবলগীয়া যে টাচি য়ংজামে নেচনেল ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিং এণ্ড এডভেঞ্চাৰ স্পৰ্টৰ এগৰাকী প্ৰশিক্ষকা হিচাপে কৰ্মৰত হৈ আছে। এভাৰেষ্ট শৃংগত খোজ পেলায়ে টাচিয়ে ভাৰতীয় পতাকা প্ৰদৰ্শন কৰাৰ লগতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু আৰু ডিৰাঙৰ বিধায়ক ফুৰপা চেৰিঙৰ ফটো প্ৰদৰ্শন কৰে।

Leave A Reply

Your email address will not be published.