অসম চৰকাৰৰ হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ ব্যক্তিগত আয় বৃদ্ধি আঁচনিৰ অধীনত ৰাজ্যৰ দুখীয়া মহিলা সকলে তাঁতশালত কাপোৰ বৈ আৰ্থিক ভাৱে যাতে স্বাৱলম্বী হ`ব পাৰে তাৰ বাবে তাঁতশাল বিতৰণকে ধৰি বিভিন্নজনে আঁচনি গ্ৰহণ কৰা হৈছে । আনকি গুৱাহাটীৰ সাংসদ কুইন ওজায়ো তেওঁৰ সংসদীয় ক্ষেত্ৰৰ অধীনৰ ১০ টা বিধানসভা সমষ্টিত এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি দুখীয়া মহিলা সকলে যাতে স্বাৱলম্বী হ`ব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । আজি এই আঁচনিৰ অধীনত সাংসদৰ আদৰ্শ গাঁও হিচাপে ঘোষিত পশ্চিম গুৱাহাটী সমষ্টিৰ দক্ষিণ ভোলাগাওঁ গাঁও পঞ্চায়তৰ অধীনৰ ৰাণীৰ সমীপৰ গৰাখহনীয়াপাৰাত ,অঞ্চলটোৰ ১৪ গৰাকী দুখীয়া মহিলাক এখনকৈ উন্নত মানৰ তাঁতশাল বিতৰণ কৰা হয় । বিতৰণ কাৰ্যসূচীত ভাগ লৈ অসম চৰকাৰৰ হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ অতিৰিক্ত সঞ্চালক নিশিকান্ত শৰ্মাই আঁচনিখনৰ বাখ্যা দাঙি ধৰে আৰু ইয়াৰ লাভালাভৰ সুবিধা গ্ৰহণ কৰিবলৈ মহিলা সকলক আহ্বান জনায় । কাৰ্যসূচীত ভাগ লৈ সাংসদ কুইন ওজাৰ মনোনীত প্ৰতিনিধি , জিলা উন্নয়ন আৰু নিৰীক্ষণ কমিটিৰ সদস্য প্ৰশান্ত মহন্তই মহিলা সকলে যাতে তাঁতশাল ঘৰত পেলাই নাৰাখি তাক উৎপাদনমুখী কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । কাৰ্যসূচীত হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ পৰিদৰ্শক নৱজ্যোতি শৰ্মা , সমাজকর্মী উমাকান্ত দাস , জিতেন্দ্ৰৰ খত্তৰ , জিতুমণি দাসকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।
Trending
- চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ আইৰণ লেডীৰ
- আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান