হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসম জাতীয় বিদ্যালয়ৰ ১০০ শতাংশ উত্তীর্ণ

0 229

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি অসম জাতীয় বিদ্যালয়ৰ ১০০ শতাংশ শিক্ষার্থী উত্তীর্ণ হয়৷ ঘোষিত ফলাফল অনুসৰি বিদ্যালয়খনৰ ১৩৫গৰাকী শিক্ষার্থীৰ ভিতৰত ২৮গৰাকীয়ে ডিষ্টিংচন, ৩২গৰাকীয়ে ষ্টাৰ, ১০৯গৰাকীয়ে প্রথম বিভাগ আৰু ২৬গৰাকীয়ে দ্বিতীয় বিভাগ লাভ কৰি উত্তীর্ণ হয়৷ অসমীয়া বিষয়ত ৫২গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰাৰ বিপৰীতে ইংৰাজী বিষয়ত ৫৪গৰাকীয়ে, বিজ্ঞান বিষয়ত ৪১, সমাজ বিজ্ঞানত ৪৮ আৰু গণিত বিষয়ত ৪০গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰে৷বৈকল্পিক বিষয়বোৰৰ ভিতৰত উচ্চ গণিত বিষয়ত ১৪গৰাকীয়ে, কম্পিউটাৰ বিজ্ঞানত ১৩গৰাকীয়ে, ভূগোলত ৪, সংগীতত ২, নৃত্যত ১৪, ছবি বিষয়ত ৩, হিন্দী বিষয়ত ৪ আৰু ইতিহাস বিষয়ত ৪গৰাকী শিক্ষার্থীয়ে লেটাৰ নম্বৰ লাভ কৰে৷

Leave A Reply

Your email address will not be published.