হাচানটুকৰ খহনীয়া পৰ্যবেক্ষণ মহকুমাধিপতি স্বপ্নীল পালৰ

0 217

বান পৰিস্থিতিৰ সম্ভাৱ্য কাৰণ সমূহ পৰ্যবেক্ষণ কৰি ইয়াৰ সমাধানৰ বাবে বিভিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰঙিয়া মহকুমা প্ৰশাসনে। আজি মহকুমাটোৰ তৰণীৰ সমীপৱৰ্তী হাচানটুক চুবুৰীত উপস্থিত হৈ বৰলীয়া নৈৰ গৰাখহনীয়া পৰ্যৱেক্ষণ কৰে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে । প্ৰতিবছৰে বানে তাণ্ডৱ সৃষ্টি কৰা এই খহনীয়া প্ৰৱণ অঞ্চলটো আজি পৰিদৰ্শন কালত ৰাইজৰ সৈতে মত-বিনিময় কৰি অভাৱ-অভিযোগৰ বুজ লয় মহকুমাধিপতিয়ে। তেখেতে স্পৰ্শকাতৰ এলেকাত অতি শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। পৰিদৰ্শনৰ সময়ছোৱাত মহকুমাধিপতিৰ সৈতে‌ সহকাৰী আয়ুক্ত কেশৱানন্দ টাইড্, জল সম্পদ বিভাগৰ কনিষ্ঠ অভিযন্তা হৰি ডেকা,দুৰ্যোগ প্ৰশমন বিভাগৰ ক্ষেত্ৰ বিষয়া সৌৰভ বৰকাকতি প্ৰমুখ্যে স্থানীয় ৰাইজ উপস্থিত থাকে।উল্লেখ্য যে, বৰলীয়া নৈৰ মথাউৰীয়ে মথাউৰীয়ে পৰিভ্ৰমণ কৰি বৰমপুৰ হাটবজালী, পিতাম্বৰ হাটবজালী, বৰকুকুৰীয়া, গোপালপুৰ, চমুখা আদি গাঁৱৰ লগতে কলমণি, জয়ন্তীপুৰ আদি খহনীয়া প্ৰৱণ অঞ্চল সমূহ ইতিমধ্যে পৰিদৰ্শন কৰি ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লৈছিল মহকুমাধিপতি স্বপ্নীল পালে।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই..

Leave A Reply

Your email address will not be published.