হাজোংবড়ীত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সম্পৰ্কে আলোচনাচক্ৰ সম্পন্ন

0 244

শিশু শিক্ষা সমিতি অসমৰ উদ্যোগত গুৱাহাটীৰ চন্দ্ৰপুৰ হাজোবড়ীত থকা বিদ্যা ভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সম্পৰ্কে এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৩ বছৰৰ পৰা ৬ বছৰৰ অনুৰ্ধৰ শিশুসকলৰ সৰ্বাঙ্গীন বিকাশৰ বাবে বিদ্যা ভাৰতীয়ে প্ৰৱৰ্তন কৰা শিশু বাটিকা পাঠ্যক্ৰমৰ এক প্ৰদৰ্শনী অনুষ্ঠিত কৰে।পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা কার্যসূচীত অসম চৰকাৰৰ মাননীয় শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই প্ৰদৰ্শনীৰ উদ্বোধন কৰি শিশু বাটিকাৰ সমগ্ৰ গতি বিধিৰ আলোকন কৰে।
তাৰ পাছত কৰ্মশালাৰ আৰম্ভণি হয়।অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম প্ৰশাসনিক সেৱা পৰীক্ষাত (APSC) কৃতকাৰ্যতা অৰ্জন কৰা শংকৰদেৱ শিশু/ বিদ্যা নিকেতনৰ প্ৰাক্তন ছাত্ৰী নিমাশ্ৰী ডাউকা আৰু সংগীতা বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে।
অনুষ্ঠানত উপস্থিত থাকি শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে শিশু শিক্ষা সমিতিৰ নিৰলস প্ৰচেষ্টাৰ শলাগ লয় আৰু সমিতিয়ে স্থাপন কৰা নিকেতনসমূহে সুসংস্কাৰ আৰু সুশিক্ষাৰ জৰিয়তে দেশৰ সুনাগৰিক নির্মাণ কৰিছে বুলি মন্তব্য কৰে।অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে আন্ত গাঁথনি , নিকেতনৰ সংখ্যা বৃদ্ধি , পুঁজি যোগাৰ সম্পৰ্কত বিভিন্ন মন্তব্য প্ৰদান কৰে।
কৰ্মশালাৰ দ্বিতীয় অসম চৰকাৰৰ শিক্ষা সচিব বি কল্যাণ চক্ৰৱৰ্তী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। চক্ৰৱৰ্তীও শিশু বাটিকাৰ প্ৰদৰ্শনী অৱলোকন কৰি সমগ্ৰ ব্যৱস্থাটোৰ সম্পৰ্কে বুজ লয়।
কৰ্মশালাৰ তৃতীয় তথা অন্তিম দিনা সকলো প্ৰধান আচাৰ্যৰ হৈ যোৰহাট গড়মূৰ নিকেতনৰ প্ৰধান আচাৰ্যা বৰ্ণালী বৰুৱা, অভয়াপুৰী নিকেতনৰ প্ৰধান আচাৰ্য আনন্দ সূত্ৰধৰ আৰু ৰঙিয়া নিকেতনৰ প্ৰধান আচাৰ্য দিলীপ লহকৰে নিজৰ অনুভৱ ব্যক্ত কৰে।
মুখ্য অতিথি টি বিজয় কুমাৰে নিজৰ বক্তব্যত ভাৰত চৰকাৰক এনে এখন উন্নত মানৰ শিক্ষা নীতি দেশবাসীক উপহাৰ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। যিমান সোনকালে পাৰি এই নীতিক দেশৰ ভবিষ্যত প্ৰজন্মৰ বাবে বলবৎ কৰিব লাগে বুলি তেখেতে মত পোষণ কৰে।
মুখ্য বক্তা হিচাপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ প্ৰচাৰক উল্লাস কুলকাৰ্ণীয়ে ভাৰতীয় দৰ্শন শাস্ত্ৰ, সভ্যতা-সংস্কৃতি, শিক্ষা, বিজ্ঞান আদিৰ বিশ্বজনীন গ্ৰহণযোগ্যতাৰ কথা উল্লেখ কৰে। বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ অন্তৰ্ভুক্ত শিশু শিক্ষা সমিতি, অসমে অসমত যি নীৰৱ আন্দোলন চলাই আহিছে তাক প্ৰশংসা কৰে। আমাৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অভিভাৱকৰ কথাতকৈ আচাৰ্যৰ কথা বেছি পালন কৰাৰ কথাও উল্লেখ কৰে। তেখেতে লগতে অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ভব্য ৰাম মন্দিৰৰ বাবে প্ৰতিটো হিন্দু ঘৰৰ পৰা যাতে সহযোগ আহে সেই কামত সহযোগ কৰাৰ বাবে আচাৰ্যসকলক আহ্বান জনায়। আমাৰ নিকেতনসমূহৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত যি সফলতা অৰ্জন কৰিছে তাৰ বাবেও তেখেতে সন্তোষ প্ৰকাশ কৰাৰ লগতে এই সংখ্যা আৰু বৃদ্ধি হোৱাৰ কামনা কৰে।
শিশু শিক্ষা সমিতি অসমৰ প্ৰান্তীয় পৰীক্ষা প্ৰমুখ মহানন্দ দাসৰ পৰিচালনাত অনুষ্ঠিত হোৱা সত্ৰত সভাপতিৰ মন্তব্যত ড° নিৰ্মল বৰুৱাই সকলোকে প্ৰধান আচাৰ্য সকলক সমাজ জাগৰণৰ যুদ্ধৰ একোগৰাকী সেনাপতি বুলি অভিহিত কৰে।
সমিতিৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে কার্যসূচীৰ সফল ৰূপায়নত সহযোগ কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.