হাটশিঙিমাৰীত সজাগ ভোটাৰ ফুটবল প্ৰতিযোগিতা সম্পন্ন

0 195

২৫ জানুৱাৰীত ৰাষ্ট্রীয় ভোটাৰ দিৱস উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ জিলা নিৰ্বাচনী বিষয়াৰ বিষয়াৰ উদ্যোগত চলি থকা দুয়োটা পৰ্যায়ৰ সজাগ ভোটাৰ ফুলবল প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। মহাবিদ্যালয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ চূড়ান্ত খেলত হাটশিঙিমাৰী মহাবিদ্যালয় ফুটবল দল মানকাচৰ মহাবিদ্যালয়ক পৰাস্ত কৰাৰ লগতে চেকেণ্ডাৰী পৰ্যায়ৰ প্ৰতিযোগিতাৰ খেলত ঝাউডাঙ্গা কনিষ্ঠ মহাবিদ্যালয়ক হাটশিঙিমাৰী ইলাইট একাডেমী ৪-০ গ’লৰ পৰাস্ত কৰে। পৰৱৰ্তী পৰ্যায়ত বিজয়ী দল দুটা বঙাইগাঁওত অনুষ্ঠিত ল`বলগা মণ্ডক পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰিব বুলি জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক শুকুৰ আলী জানিবলৈ দিয়ে।
বাতৰি যুগুতালে সামিম জাকাৰিয়াই

Leave A Reply

Your email address will not be published.