হাৰ্হি জিলা পৰিষদৰ দুই আঁচনিৰ শুভ উদ্ধোধন

0 316

২০২১ বর্ষৰ পৰিসমাপ্তি আৰু ২০২২ বর্ষৰ  শুভাৰম্ভনিৰ সন্ধিক্ষণত ঢকুৱাখনা মহকুমাৰ হাৰ্হি জিলা পৰিষদৰ অধীনৰ দুখন  আঁচনিৰ শুক্ৰবাৰে শুভাৰম্ভ কৰা হয় । হাৰ্হি  জিলা পৰিষদৰ অধীনৰ হাৰ্হি পঞ্চায়তৰ  নেমুটেঙানি আঞ্চলিক নাট্য সংঘ আৰু নেমুটেঙানি জাতীয় বিদ্যালয়ৰ চৌহদৰ পকী বেৰা নিৰ্মান  আঁচনিৰ শুক্ৰবাৰে শুভাৰম্ভ কৰে জিলা পৰিষদৰ সদস্য টিটুমনি গোঁহাই চেতিয়াই।  মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইনৰ  ২০২০-২০২১ বৰ্ষৰ ক্ৰমে ১৪ লাখ ৬১ হাজাৰ ৪৯ টকা আৰু ৫ লাখ টকা ব্যয় সাপেক্ষ আঁচনি দুখন নিৰ্মান সম্পূৰ্ণ কৰাৰ পাছত নৱবর্ষৰ প্ৰাকক্ষণত শুক্ৰবাৰে চেতিয়াই  শুভাৰম্ভ কৰে।  নেতৃস্থানীয় ৰাইজ আৰু দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত দুয়োখন আঁচনি  ৰাইজৰ নামত উৎসৰ্গা কৰি জিলা  পৰিষদ সদস্য গৰাকীয়ে  সততা আৰু নিষ্ঠা সহকাৰে  আঁচনি দুখন ৰূপায়িত  কৰা বুলি কৈ অনুষ্ঠান দুটাৰ সুদীর্ঘ দিনীয়া  অভাৱ সমস্যাৰ স্থায়ী সমাধান হোৱা বুলি মন্তব্য কৰে।  ৰাইজৰ  উন্নয়ন আৰু বিকাশেই  মূল লক্ষ্য বুলি কৈ জনপ্ৰতিনিধি চেতিয়াই  গ্ৰামোন্নয়ন আঁচনিৰ  সদব্যৱহাৰ ক্ষেত্ৰত  কোনোদিনেই  আপোচ নকৰে আৰু এই ক্ষেত্ৰত ৰাইজকো সজাগ আৰু সচেতন হোৱাৰ আহ্বান জনায়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.