হেণ্ড চেনিটাইজাৰ উদ্ভাৱন কৰি চৰ্চালৈ আহিছে এজন বিজ্ঞান শিক্ষক

0 279

ক’ৰণা ভাইৰাছে সমগ্ৰ বিশ্বজুৰি ভয়াবহ পৰিস্থিতি সৃষ্টি কৰি থকাৰ সময়তে বোকাজানৰ এজন বিজ্ঞান শিক্ষকে থ্ৰী আৰ হেণ্ড চেনিটাইজাৰ উদ্ভাৱন কৰিছে। বৰজান হাইস্কুলৰ সহকাৰী বিজ্ঞান শিক্ষক ৰাতুল বৰাই এই থ্ৰী আৰ হেণ্ড চেনিটাইজাৰ উদ্ভাৱন কৰিছে।
 
 
লকডাউনৰ সময়ছোৱা অথলে যাবলৈ নিদি জনসাধাৰণৰ বাবে তেখেতে এই থ্ৰী আৰ হেণ্ড চেনিটাইজৰটো উদ্ভাৱন কৰিলে। আনহাতে দুৰ্যোগ প্ৰশমন বিভাগে দিয়া নিৰ্দেশনা অনুসৰি ৰাজহুৱা স্থানৰ লগতে ব্যক্তিগত স্থান সমূহতো হেণ্ড চেনিটাইজাৰ ৰখাটো আৱশ্যকীয় হৈ পৰিছে। প্ৰসংগ ক্ৰমে উল্লেখযোগ্য যে হাতেৰে স্পৰ্শ নকৰাকৈ ডেটল আৰু পানী ব্যৱহাৰ কৰি এই থ্ৰী আৰ হেণ্ড চেনিটাইজাৰটো ব্যৱহাৰ কৰিব পাৰি।
 
ইতিমধ্যে ৰাতুল বৰাই এই উদ্ভাৱনৰ সজুলিবিধ বোকাজান সামুহিক চিকিৎসালয়ত প্ৰদান কৰিছে। ৰাতুল বৰাৰ এই উদ্ভাৱনক সচেতন মহলে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.