হোজাইত মণিপুৰী সকলৰ ইমা পান্থইবি পূজা উদযাপন

0 231

দুৰ্গা পূজাৰ সমান্তৰালভাৱে হোজাইৰ মণিপুৰী সমাজে উদযাপন কৰিছে পৰম্পৰাগত ইমা পান্থইবি পূজা ৷ হোজাই জিলাৰ লংকাৰ পাঞ্চালীত মণিপুৰী সমাজে ইমা পান্থইবি পূজা উদযাপন কৰিছে ৷ বিগত ১৪ বছৰৰ পৰা পাঞ্চালী মণিপুৰী সমাজে তেওঁলোকৰ ৰীতি-নীতি অনুসৰি এই পূজা উদযাপন কৰি আহিছে ৷ উল্লেখ্য যে এই পূজাৰ মূৰ্তিভাগ কাঠেৰে নিৰ্মাণ কৰাৰ লগতে কোনো ধৰণৰ গজাল আদিৰ ব্যৱহাৰ নাই ৷ এই পূজাৰ অংশ হিচাপে সন্ধিয়াৰ ভাগত মণিপুৰী সমাজৰ ৰীতি-নীতি অনুসৰি ‘মা ক আৰাধনা কৰা হয় ৷ ‘মা’ ৰ আশীৰ্বাদ লোৱাৰ উদ্দেশ্যে হোজাই জিলাৰ দাঁতিকাষৰীয়া বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ অহা দেখিবলৈ পোৱা গৈছে ৷

Leave A Reply

Your email address will not be published.