হোমেন বৰগোহাঞিয়ে উন্মোচন কৰিলে ডাঃ ৰুবী কটকীৰ উপন্যাস “আন্দোলন”

0 229

আজি দিনৰ ১১ বজাত পাণবজাৰস্থিত কটন বিশ্ববিদ্যালয়ৰ এলাম‌নাই ভৱনৰ সভাগৃহত প্ৰথিতযশা সাহিত্যিক চিন্তাবিদ হোমেন বৰগোহাঞিয়ে অসমৰ বিভিন্ন আন্দোলনৰ পটভূমিত আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা ডাঃ ৰুবী কটকীয়ে ৰচনা কৰা আন্দোলন শীৰ্ষক উপন্যাসখন উন্মোচন কৰে৷
এই গ্ৰন্থখন প্ৰকাশ কৰিছে প্ৰজ্ঞা মিডিয়াহাইপ পাব্লিকেশ্যনৰ হৈ উজ্জ্বল বৰাই৷গ্ৰন্থখনিৰ উন্মোচনী সভাত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা বিশিষ্ট লেখক মৃণাল কুমাৰ বৰুৱা,প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰ আৰু চিকিৎসক,লেখক তথা সংগীত শিল্পী ডা° অঞ্জনজ্যোতি চৌধুৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷গ্ৰন্থ উন্মোচনী সভাখনৰ আহ্বায়িকা,সাংবাদিক দৰ্শনা বৰুৱাৰ উদ্দেশ্য বাখ্যা আৰু আদৰণি বক্তব্যৰে আৰম্ভ হোৱা সভাখনত আন্দোলন উপন্যাসখনৰ বিষয়বস্তু আৰু পটভূমিৰ বিষয়ে সাংবাদিক, লেখিকা ড° গীতালি শইকীয়াই চমু আলোকপাত আগবঢ়ায়৷
উল্লেখযোগ্য যে বাস্তৱ ঘটনাৰ ভিত্তিত কাল্পনিক চৰিত্ৰৰ উপস্থাপনৰে ৰচিত উপন্যাসখন অসমীয়া সাহিত্যলৈ এক ব্যতিক্ৰমী তথা গুৰুত্বপূৰ্ণ সংযোজন বুলি অভিহিত কৰিব পৰা যায়৷
“পথাৰত নাঙল/বজাৰত দখল/তেহে হ’ব অসমীয়াৰ মংগল”৷হাজাৰটা আন্দোলনে অসমৰ সমস্যাৰাজিৰ সমাধান কৰিব নোৱাৰিব যদিহে অসমীয়াই পথাৰত নাঙল নধৰে আৰু বজাৰত দখল সাব্যস্ত নকৰে৷এই কথাকে সাৰোগত কৰি আন্দোলন উপন্যাসখন লেখিকা ডাঃ ৰুবী কটকীয়ে পাঠকলৈ আগবঢ়াইছে৷
এজন সহজ সৰল খাটি খোৱা গাঁৱলীয়া অসমীয়াৰ অনুভৱত আন্দোলনৰ অৰ্থ আৰু তেওঁৰ দৈনন্দিন জীৱনত ইয়াৰ প্ৰভাৱ কি তাকেই উপন্যাসখনৰ জৰিয়তে প্ৰকাশ কৰিবলৈ বিচৰা হৈছে৷চিকিৎসাসেৱাৰ সমান্তৰালভাৱে বিভিন্ন বাতৰি কাকত -আলোচনীত বহু লেখা আৰু ১২ খনকৈ গ্ৰন্থৰে সাহিত্যচৰ্চাৰ লগতে কৰুণাধাৰাৰ দৰে সমাজ হিতকৰ অনুষ্ঠানৰ জৰিয়তে সমাজসেৱা কৰি অহা ডা° ৰুবী কটকীৰ আন্দোলন উপন্যাস খনৰ সন্দৰ্ভত স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞিয়ে ইতিমধ্যেই মন্তব্য কৰিছে যে তেখেতে জনাত আন্দোলন বিষয়টোক কেন্দ্ৰ কৰি লিখা এইখনেই প্ৰথম অসমীয়া উপন্যাস৷লেখিকা পাপৰি সৌকাধৰা বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানটিত ভিন্ন ক্ষেত্ৰৰ বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.