হোম কোৱাৰেন্টাইনৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে কামৰূপ জিলা প্ৰশাসনে

0 205

হোম কোৱাৰেন্টাইনৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা জাৰি কৰিছে । হোম কোৱাৰেন্টাইনত থকা সকলে স্বাস্থ্য ,সম্পৰ্কীয় সকলো নিয়ম মানিছে নে নাই এই সন্দৰ্ভত এখন হোম কোৱাৰেন্টাইন সমিতি গঠন কৰা হ`ব ।জিলা খনৰ সকলো আৰক্ষী থানাৰ সংশ্লিষ্ট চক্ৰ বিষয়া প্ৰশাসন, গাওবুঢ়া, নগৰিক সমিতি, এপাৰ্টমেণ্ট, অৱসৰপ্ৰাপ্ত শিক্ষক, স্থানীয় এনজিঅ’, সচেতন নাগৰিক আদিৰ দ্বাৰা এই সমিতি গঠন কৰা হ’ব।
এই সমিতি খনে ক`ভিড পজিটিভ ৰোগী অথবা হোম কোৱাৰেন্টাইনত থকা ৰোগীয়ে নীতি নিয়ম মানিছে নে নাই সেই লক্ষ্য কৰিব । সমিতি খনে নীতি নিয়ম নামানিলে সমিতিখনে স্থানীয় আৰক্ষী থানাত দাখিল কৰিব । কোৱাৰেন্টাইনৰ নীতি নিয়ম নমনা সকলৰ বিৰুদ্ধে আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব ।

Leave A Reply

Your email address will not be published.