হৰিনামৰ অমিয়া ধ্বনিত মুখৰিত পশ্চিম মাছখোৱা

0 245

এক শৰণ নাম ধর্মৰ প্ৰৱৰ্তক , জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মাৰ্গদৰ্শনৰ প্ৰচাৰ প্ৰসাৰৰ বৰ্ণিল কার্যক্রমণিকাৰে শনিবাৰে পশ্চিম মাছখোৱা অঞ্চল বিধৌত হৈ পৰে। গুৰুজনা সৃষ্ট হৰিনামৰ অমিয়া সুৰৰ সমান্তৰাল ভাৱে গুৰুবাদ্যৰ শ্ৰুতিমধুৰ ধ্বনিত বৈকুণ্ঠপুৰী সদৃশ পৰিবেশে বিৰাজ কৰে  সমগ্ৰ অঞ্চলটো।  ঢকুৱাখনা মহকুমাৰ ১নং থেকেৰাগুৰি গাঁওৰ ধৰ্মপ্ৰাণ ৰাইজৰ উমৈহতীয়া উপাসনাথলী স্বৰূপ ১নং থেকেৰাগুৰি গাঁওৰ নতুনকৈ নিৰ্মিত নামঘৰৰ গৃহ প্ৰৱেশ আৰু মণিকূটত  গুৰুআসন স্থাপনৰ সতে সংগতি ৰাখি শনিবাৰে আয়োজন কৰা হয় বাৰ্ষিক সবাহ আৰু ভাওনা প্রদর্শন অনুষ্ঠান। গাঁওখনৰ ধৰ্মপ্ৰাণ বুঢ়া মেথা , আই বাপ সমস্ত , যুৱক যুৱতী সকলৰ উপস্থিতিত পুৱা ৪ বজাত  উষা কীৰ্তনেৰে এদিনীয়া কৰ্মসূচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে  বৰ্ষীয়ান বায়ন, ৰমা দত্ত বায়নৰ নেতৃত্বতত আইমাতৃ , বাপ বৈষ্ণৱ আৰু  যুৱক যুৱতী সকলৰ সহযোগত উলিওৱা হয় প্ৰভাত ফেৰী। তাৰোপৰি  নামঘৰ প্ৰাংগণত গছপুলি ৰোপণ কাৰ্যসূচীৰ পাছতে দণ্ডীৰাম ৰাজবংশীৰ শৰাই প্ৰতিষ্ঠা, গাঁও সভাৰ সভাপতি তৰুণ দত্তৰ ধর্মধ্বজা উত্তোলন,  ৰমা দত্ত বৰবায়নৰ নেতৃত্বত গুৰুঘাটৰ মাজত নামঘৰৰ লগতে  শোভাযাত্ৰাৰ শুভ উদ্ধোধন কৰে বৈষ্ণৱ ক্ষীৰোদ শইকীয়াই । ধৰ্মীয় সাজ পাৰেৰে বিভূষিত অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজে নামঘৰ প্ৰাংগণত সমবেত হৈ  অংশ গ্ৰহণ কৰে ধৰ্মীয় শোভাযাত্ৰাত।  হাৰ্হি জিলা পৰিষদৰ সদস্য টিটুমনি গোঁহাই চেতিয়া , সমুজ্জ্বল চেতিয়ায়ো গুৰুজনাৰ একান্ত ভকত বৈষ্ণৱ সকলৰ এই পবিত্ৰ কাৰ্যসূচীত উপস্থিত থাকি সেৱা লয়।  হাজাৰ বিজাৰ ভকত বৈষ্ণবৰ মুখে প্ৰবাহিত হৰি নামৰ বিনন্দীয়া ধ্বনি ,আয়তীৰ উৰুলি,গুৰুবাদ্যৰ অমিয়া ঝংকাৰে আকাশ বতাহ মুখৰিত কৰি সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰাৰ পাছত নাম প্ৰসংগ আৰম্ভ হয় নামঘৰ প্ৰাংগণত। বৈষ্ণৱ সাধক নৰ নাথ কোচে আঁত ধৰা নাম প্ৰসংগৰ পাছতে ভাগৱত পাঠ অনুষ্ঠান ভাগি অনুষ্ঠিত হয় আৰু দিনৰ ১ বজাৰ পৰা ৪ বজালৈ অখণ্ড নামৰ ধ্বনিত বিধৌত হয় সমগ্ৰ অঞ্চল। নিশালৈ গাঁওৰ যুৱ ভক্ত বৈষ্ণৱ বৃন্দৰ দ্বাৰা কুলাচলৰ মুক্তিলাভ ভাওনা প্রদর্শনেৰে দৰ্শক ৰাইজক সন্মোহিত কৰি ৰাখে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.