হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ল নামঘৰ সমূহ

0 227

আজি পহিলা ভাদ । প্ৰতিজন অসমীয়াৰ বাবে ভাদ মাহ এক পবিত্ৰ মাহ। জন্মাষ্টমীৰ পৰা আৰম্ভ কৰি গুৰুজনাৰ জন্মোৎসৱ এই ভাদ মাহতেই উদযাপিত হয় । অসমৰ বিশেষকৈ আঠখেলীয়া,ঢেকীয়াখোৱা বৰ নামঘৰ,মইনাপৰীয়া নামঘৰ,ভৰালীপৰীয়া নামঘৰ আৰু বট্ৰদ্ৰোৱাত এই দিনকেইটাত ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয়।মুঠতে ভাদ মাহত নামঘৰ সমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে।
 
 
 
 
এইবাৰো ব্যতিক্ৰম নহ’ল মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত কৰা যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ । বাকী মাহ কেইটাৰ তুলনাত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত,  নৃসিংহ মহাপ্ৰভুখ্যাত মইনাপৰীয়া নামঘৰ আৰু টীয়কৰ কলীয়াপানীস্থিত শ্ৰী শ্ৰী আউনিআটী সত্ৰত পবিত্ৰ ভাদ মাহত অগণন দৰ্শনাৰ্থীৰ ভিৰ দেখা যায়।
 
 
 
ক’ৰণা ভাইৰাছৰ দ্ৰুত সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনে কেতবোৰ নীতি নিদেৰ্শনা জাৰি কৰিছে।সেই অনুসৰি সামাজিক দূৰত্ব, মাস্ক,চেনিটাইজাৰ সকলোৱে ব্যৱহাৰ কৰিব লাগিব। নামঘৰত ৫০ জনৰো অধিক লোক সমবেত হ’ব নোৱাৰিব।
 
 
এইবাৰ সেৱা ধৰিবলৈ অহা ভকত বৈষ্ণৱক প্ৰসাদৰ ব্যৱস্থা নহ’ব। মাথো সেৱা ধৰিয়েই ততালিকে নামঘৰৰ প্ৰাংগনৰ পৰা ওলাই আহিব লাগিব। ঢেকীয়াখোৱা বৰনামঘৰৰ ভকতসকলৰ চাৰিদিনৰ অন্তৰে অন্তৰে স্বাস্থ্য পৰীক্ষা কৰা হ’ব। ঘাইপথৰ পৰা নামঘৰলৈ তিনিটাকৈ স্থানত শিৱিৰ স্থাপনৰ ব্যৱস্থা কৰিছে। পহিলা শিৱিৰতেই কোনো দৰ্শনাৰ্থীয়ে শৰাইৰ সামগ্ৰী আনিলে কৰ্তৃপক্ষক জমা দিব লাগিব । ইপিনে দহবছৰৰ তলৰ আৰু ষাঠী বছৰৰ উৰ্ধৰ দৰ্শনাৰ্থী আগমনত প্ৰশাসনে বাধা আৰোপ কৰিছে।
 
 
 
দৰ্শনাৰ্থীয়ে ইচ্ছা কৰিলে নামঘৰলৈ আহিবৰ বাবে আগতীয়া অনুমতি ল’বলৈ ইতিমধ্যে তিনিটাকৈ ম’বাইল নম্বৰৰ ব্যৱস্থা কৰিছে। উল্লেখিত সকলো নিয়ম নিৰ্দেশনা যোৰহাটৰ সকলো নামঘৰ ,সত্ৰতেই প্ৰযোজ্য হ’ব বুলি প্ৰশাসনিক বিষয়াই অৱগত কৰিছে ।

Leave A Reply

Your email address will not be published.