১মাৰ্চ অনুষ্ঠিত হ’ব নৈশ মাৰাথান প্ৰতিযোগিতা

0 277

অস্মাকাম ফাউণ্ডেচনৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে গ্ৰেট গুৱাহাটী  মাৰাথান অনুষ্ঠিত হ’ব।এই মাৰাথনত দেশ বিদেশৰ বহুতো দৌৰবিদে অংশ গ্ৰহণ কৰিব।
মাৰাথানৰ বিষয়ে আজি পানবজাৰত অনুষ্ঠিত কৰা এক সংবাদ মেলত পাৰ্থ সাৰথি মহন্তই কয় যে মাৰাথান এনে এটা ইভেণ্ট য’ত প্ৰত্যেক শ্ৰেণীৰ মানুহে অংশগ্ৰহণ কৰিব পাৰে।ক্ৰীড়াৰ ক্ষেত্ৰত অসমৰ এক ইতিহাস আছে।এইবাৰ মাৰাথানৰ বেণ্ড এম্বেচাদৰ হিচাপে য়ামী গৌতম লোৱা হৈছে ।অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ফুটবল প্লেয়াৰ বাইচুং ভূটীয়াই মাৰাথনত অংশগ্ৰহণ কৰিব।১মাৰ্চত অনুষ্ঠিত হ’ব লগা এই নৈশ মাৰাথন ৪২কিলো মিটাৰ পৰ্যন্ত অনুষ্ঠিত হ’ব।
ইতিমধ্যে কেনিয়া, ইথোপিয়াৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ বাবে নিশ্চিতি প্ৰদান কৰিছে ।প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহৰ শেষৰটো দেওবাৰ অথবা মাৰ্চ মাহৰ প্ৰথমটো দেওবাৰে এই মাৰাথান অনুষ্ঠিত হ’ব ।ইয়াৰ লগতে মাৰাথানৰ থীম চং, ট্ৰফী, টি চাৰ্ট প্ৰদৰ্শন কৰে।উল্লেখযোগ্য যে মাৰাথনত অংশগ্ৰহণৰ বাবে বয়স অনুসৰি শ্ৰেণী বিভাজন কৰা হৈছে।

Leave A Reply

Your email address will not be published.