১৪ এপ্ৰিলৰ পিছত অনলাইন সেৱা খোলাৰ সম্ভাৱনা

0 268

ক’ৰণা ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে দেশৰ জনসাধাৰণক তাণ্ডৱ চলোৱাৰ সময়তে ভাৰত চৰকাৰে  ২১দিনীয়া সম্পূৰ্ণ লকডাউনৰ ঘোষণা কৰিছিল।ভাৰতত এই লকডাউন  ১৪এপ্ৰিললৈ ঘোষণা হৈছিল। ইতিমধ্যে কোভিদ১৯ত আক্ৰান্ত হোৱা অসমৰ  ২৯গৰাকী লোকৰ ভিতৰত এজনৰ মৃত্যু হৈছে।
 
যদিও অসম চৰকাৰে এতিয়ালৈকে লকডাউন বৃদ্ধিৰ ক্ষেত্ৰত কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই । ভাৰতৰ ওড়িশা, উত্তৰ প্ৰদেশকে ধৰি বহুকেইখন ৰাজ্যই ইতিমধ্যে তেওঁলোকৰ ৰাজ্যত লকডাউনৰ সময়সীমা ৩০এপ্ৰিললৈকে বৃদ্ধি কৰিছে।
যদিহে কোনোধৰণৰ বিশেষ কাৰণবশতঃ ৰাজ্য চৰকাৰে সমগ্ৰ অসমতে লকডাউনৰ সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে ঘৰতে বহি মহানগৰবাসীয়ে লাভ কৰিব পাৰিব তেওঁলোকৰ প্ৰিয় খাদ্য। কিয়নো তেওঁলোকে ঘৰতে বহি অনলাইন প্ৰক্ৰিয়াৰ যোগেদি ল’ব পাৰিব খাদ্যৰ জুতি।
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে লকডাউনৰ সময়সীমা যদিহে বৃদ্ধি কৰে তেনেহ’লে হোটেল বা ৰেষ্টুৰেণ্ট সমূহ খোলা নাথাকে কিন্তু ছুইগী, জমেটো আদিৰ দৰে অনলাইন সেৱাসমূহ খোলাৰ সম্ভাৱনা আছে।অৱশ্যে  এইক্ষেত্ৰত ১৪এপ্ৰিলৰ পিছতহে সঠিক তথা চুড়ান্ত সিদ্ধান্ত লোৱা হ’ব।

Leave A Reply

Your email address will not be published.