১৫জুনৰ পৰা ৰাজ্যত চলাচল হ’ব বেচৰকাৰী বাছসেৱা

0 241

সমগ্ৰ ৰাজ্যতে ক’ভিড১৯ৰ সংক্ৰমণৰ বাবে বেচৰকাৰী বাছ সমূহৰ চলাচল পূৰ্বতকৈ হ্ৰাস পাইছিল। অৱশ্যে ৰাজ্যৰ পৰিস্থিতি কিছু স্থিৰ হোৱা বাবে কিছুক্ষেত্ৰত শিথিলতা অনা হৈছে। সেয়েহে অহা ১৫জুনৰ পৰা সমগ্ৰ ৰাজ্যতে স্বাভাৱিকভাৱে চলাচল আৰম্ভ হ’ব বেচৰকাৰী যাত্ৰীবাহী বাছৰ। ৫০শতাংশ যাত্ৰীৰেহে এই বাছ সমূহ চলাচল কৰিব পাৰিব। যাত্ৰী সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বাছসমূহত ছেনিটাইজাৰ, আৰু হাত ধোৱাৰ বাবে চাবোন আৰু পানীৰ ব্যৱস্থা থাকিব। আনহাতে যাত্রী সকলক নমাই দিয়াৰ পিছত যাত্ৰীবাহী বাছসমূহ দৈনিক ছেনিটাইজ কৰা হ’ব৷
 

উল্লেখযোগ্য যে বেচৰকাৰী বাছৰ ভাড়া পূৰ্বতকৈ দুগুণে বৃদ্ধি কৰাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে যোৱা শুক্ৰবাৰে তেজপুৰত এখন জৰুৰী সভা অনুষ্ঠিত হয়। সভাখন শোণিতপুৰ জিলা বেচৰকাৰী পৰিবহন সন্থাৰ সৌজন্যত অসমৰ প্রতিখন জিলাৰ পৰিবহন সন্থাৰ উদ্যোগত অনুষ্ঠিত হয়। সভাখনত পৌৰোহিত্য কৰে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সভাপতি ৰাতুল চন্দ্র শর্মাই। শোণিতপুৰ জিলা বেচৰকাৰী পৰিবহন সন্থাৰ সভাপতি অমিত কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক ক্রমে নয়নজ্যোতি কলিতাই সংবাদ মাধ্যমৰ আগত সভাখনত গ্ৰহণ কৰা সিদ্ধান্ত সমূহৰ বিষয়ে মন্তব্য প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.