১৭৫ চি আৰ পি এফে তিনি শিক্ষাৰ্থীসহ ,চাৰিজন দিবাংগক আৰ্থিক সাহাৰ্য্য প্ৰদান

0 227

ৰাণীস্থিত চি আৰ পি এফ ১৭৫ বেটেলিয়ানে সামাজিক দায়বদ্ধতা আঁচনিৰ অংশ হিচাপে আজি বৃহত্তৰ ৰাণী অঞ্চলৰ তিনিজন শিক্ষাৰ্থীকে ধৰি চাৰি জন দিবাংগক প্ৰতিজনকে দুই হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে।
 
 
এই উপলক্ষে ১৭৫ চি আৰ পি এফৰ ৰাণীস্থিত মুখ্য কাৰ্যালয় চৌহদত আয়োজিত এক চমু অনুষ্ঠানত চাৰিজন দিবাংগ ক্ৰমে ৰঞ্জিত ওৰাং, ৰাধিকা দাস, ছেনৰিক চাংমা আৰু সমৰ ৰাভাক বাহিনীটোৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে। অনুষ্ঠানত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ চেকেণ্ড ইন কমাণ্ড কিশাল লাল ধীমান, ডেপুটী কমাণ্ডেণ্ট আব্দুল ৰহিম, পৰিদৰ্শকদ্বয় দেশবীৰ সিং আৰু অজিত কুমাৰ, আৰ্থিক সাহায্য লাভ কৰা চাৰিওজনৰ পৰিয়ালৰ লোক উপস্থিত থাকে।
 
 
ইফালে অঞ্চলটোৰ সচেতন ৰাইজে দিবাংগক সহায়ৰ হাত আগবঢ়োৱা বাবে ১৭৫ চি  আৰ পি এফৰ শলাগ লৈছে ।উল্লেখ্য যে বিগত লকডাউনৰ সময়ত বাহিনীটোৱে বৃহত্তৰ ৰাণী অঞ্চলৰ কেবা শতাধিক লোকক খাদ্য সামগ্ৰী, মাস্ক, চেনিটাইজাৰকে ধৰি বিভিন্ন সামগ্ৰী বিতৰণ কৰি সহায়ৰ হাত আগবঢ়াইছিল।
খবৰ যুগুতালে জিতুমণি দাসে…

Leave A Reply

Your email address will not be published.