১৭৫ চি আৰ পি এফৰ উদ্যোগত বিশ্ব এইডছ দিৱস উদযাপন

0 255

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ নতুন দিল্লীস্থিত সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ নিৰ্দেশনা অনুসৰি পশ্চিম গুৱাহাটীৰ ৰাণীত থকা বাহিনীটোৰ ১৭৫ বেটেলিয়ানৰ উদ্যোগত পহিলা ডিচেম্বৰত মুখ্য কাৰ্যালয় চৌহদত বিশ্ব এইডছ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে মুখ্য কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত ভাগ লৈ ১৭৫ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাই বিশ্ব এইডছ দিৱস উদযাপনৰ তাৎপৰ্য দাঙি ধৰে আৰু সকলো বিষয়া-জোৱানক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানত বাহিনীটোৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডঃ অনিল কুমাৰ ঠাকুৰে কেনে ধৰণৰ সতৰ্কতা সাৱধানতা অবলম্বন কৰিলে এইডছৰ দৰে মাৰাত্মক ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি তাৰ বিতং বাখ্যা দাঙি ধৰে।অনুষ্ঠানত বাহিনীটোৰ উপ কমাণ্ডেৰদ্বয় আব্দুল ৰহিম আৰু মনোজ সিং,সহকাৰী কমাণ্ডেণ্ট সঞ্জয় কুমাৰ,পৰিদৰ্শক দেশবীৰ সিঙকে ধৰি বাহিনীটোৰ কেবাজনো বিষয়া আৰু বহুসংখ্যক জোৱান উপস্থাপন থাকে।দিৱসৰ লগত সংগতি ৰাখি এইডছ ৰোগ বিষয়ক বিভিন্ন জনসজাগতামূলক বেনাৰ পোষ্টাৰ প্ৰদৰ্শন কৰা হয়।

Leave A Reply

Your email address will not be published.