১৯জুলাইত সুন্দৰৰ সাধক অনন্ত ৰাম দাসৰ অষ্টাদশ বাৰ্ষিক স্মৃতি দিৱস

0 258

অসমীয়া সাহিত্যৰ সৃষ্টিশীল সাধক অনন্ত ৰাম দাসৰ আজি অষ্টাদশ বাৰ্ষিক স্মৃতি দিৱস ৷প্ৰতি বছৰে কালি দিনটোত অনন্ত ৰাম দাস স্মৃতি প্ৰকাশনৰ উদ্যোগত সুন্দৰৰ সাধক গৰকীৰ স্মৃতি দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় যদিও এইবেলি ক’ৰণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি সামান্য কাৰ্যসূচীৰে স্মৃতি দিৱস অনন্তবন নহাটীত পালনৰ প্ৰস্তুতি চলোৱা হৈছে৷
 
 
 
 
কাৰ্যসূচী অনুযায়ী ১৯ জুলাই ৰাতিপুৱা ১০ বজাত সুন্দৰৰ সাধক অনন্ত ৰাম দাসৰ স্মৃতিত স্মৃতি তৰ্পণ আৰু প্ৰতিচ্ছবিৰ সন্মুখতত বন্তি প্ৰজ্বলন ৷১১বজাত নাম প্ৰসঙ্গ আৰু সন্ধিয়া ৬-৩০ বজাত সাধক গৰাকীৰ অষ্টাদশ বাৰ্ষিক স্মৃতি দিবস উপলক্ষে অষ্টাদশ গচি বন্তি প্ৰজ্বলন কৰা হ’ব৷ উল্লেখ্য যে অসমীয়া সাহিত্য আৰু সাংস্কৃতিক জগতৰ সৃষ্টিশীল সাধক অনন্ত ৰাম দাসে নীৰৱ সাধনাৰে উনপঞ্চাশখন নাটক দুখন কবিতা পুথি  সাতখন উপন্যাস  ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে ৷
 
 
 
সুন্দৰৰ সাধক অনন্ত ৰাম দাসৰ জন্ম বৰপেটা সত্ৰৰ সমীপত নহাটীত ৷শৈশৱতে টাইফয়ড জ্বৰত আক্ৰান্ত হৈ বাক্ আৰু শ্ৰৱণ শক্তি হেৰুৱাই যদিও একান্ত সাধনা কঠোৰ জীৱন সংগ্ৰাম আৰু সৃষ্টিৰ দুৰন্ত হেঁপাহৰ বাবে সাহিত্য আৰু সাংস্কৃতিক জগতলৈ বিশেষ অবদান দি গৈছে ৷ এই গৰাকী সাধকৰ স্মৃতি দিৱসত বিগত বৰ্ষত অনন্ত ৰাম দাস স্মৃতি প্ৰকাশনৰ সৰ্বস্ব সন্মান সুন্দৰৰ সাধক অনন্ত ৰাম দাস বঁটা শিশু সাহিত্যৰ বাবে অনন্ত বন বঁটা প্ৰদান কৰা হৈছিল ৷এই বৰ্ষৰ বাবে উক্ত বঁটা সমূহ প্ৰদান নকৰি অহা বৰ্ষত একেলগে বঁটাসমূহ প্ৰদান কৰা হ’ব বুলি স্মৃতি প্ৰকাশনৰ প্ৰধান সম্পাদক কবিন দাসে এই প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে ৷

Leave A Reply

Your email address will not be published.