১৯ অক্টোবৰৰ পৰা উচ্চ ন্যায়ালয়ৰ কাম কাজ চলিব

0 167

১৯ অক্টোবৰৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাম কাজ নিয়মিতভাৱে চলিব।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগতে ৰাজ্যৰ সকলো জিলা ন্যায়ালয়তো পৰীক্ষা মূলক ভাৱে পৰ্যায়ক্ৰমে কাম কাজ আৰম্ভ হ’ব।
 
 
 
এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰি কৰিছে। অৱশ্যে ক’ভিডৰ প্ৰ’টকল মানি চলিব লাগিব। আনহাতে প্ৰতি জিলাৰ ন্যায়ালয়ৰ নিয়মীয়া কাম কাজ আৰম্ভ কৰাৰ পূৰ্বে বাৰ কাউঞ্চিল সমূহে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লিখিত অনুমতি ল’ব লাগিব।লগতে দাখিল কৰিব লাগিব ক’ভিড প্ৰট’কল সন্নিবিষ্ট থকা নিয়মৰ তালিকা। ১৯অক্টোবৰৰ  পৰা কাম নিয়মীয়া হ’লেও নৱেম্বৰৰ দ্বিতীয় সপ্তাহলৈহে এই নিয়ম বলবৎ থাকিব।

Leave A Reply

Your email address will not be published.