২০২০ বৰ্ষৰ চুকাফা বঁটাৰ বাবে নিৰ্বাচিত হৈছে সাহিত্যিক য়েছে দৰজি ঠংচি

0 225

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় উদ্যোগত প্ৰতিবছৰে ২ডিচেম্বৰত অনুষ্ঠিত হয় অসম দিৱস। এই দিৱস ২০০৪ চনৰ পৰা উদযাপিত হৈ আহিছে। প্রতিবছৰে সামাজিক ক্ষেত্ৰত বিষয়ে ভাৱে বৰঙণি আগবঢ়াই অহা ব্যক্তিক চুকাফা বঁটাৰে বিভূষিত কৰা হয়।
 
 
এইবাৰ চুকাফা বঁটাৰ বাবে নিৰ্বাচিত হৈছে সাহিত্যিক য়েছে দৰজে ঠংচিক।জানিব পৰা মতে ২ ডিচেম্বৰত দিনৰ ১২ বজাত ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ঠংচিক এই বঁটা প্ৰদান কৰিব।
 
এই কথা সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে।উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই বঁটাত আছে নগদ তিনি লাখ টকা,এখন প্ৰশস্তি-পত্ৰ,এখন অংগবস্ত্ৰ।বঁটা প্ৰদান অনুষ্ঠানত খাদ্য সংসাধন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,সাংস্কৃতিক পৰিক্ৰমাৰ বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে উপস্থিত থাকিব।

Leave A Reply

Your email address will not be published.