২০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ`ব বিধানসভাৰ শীতকালীন অধিৱেশন

0 230

অহা ২০ ডিচেম্বৰৰ পৰা ৫ দিনীয়া কার্যসূচীৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন৷ এই অধিৱেশনত এখন নতুন বিধেয়ককে ধৰি ১২খন সংশোধনী বিধেয়ক উত্থাপনৰ বাবে ইতিমধ্যে চৰকাৰে বিধানসভা কর্তৃপক্ষক অৱগত কৰিছে৷ তৃতীয় আৰু চতুর্থবর্গৰ কর্মচাৰী নিযুক্তি সম্পর্কত নতুন বিধেয়ক এখন এই অধিৱেশনত উত্থাপন হ’ব৷ সেইদৰে অসম পশুধন সুৰক্ষা, আবকাৰী, সমবায়, ভৈয়াম জনজাতি, ৰাজহ, গৃহ আদি বিভাগৰ সংশোধনী বিধেয়কো এই অধিৱেশনত উত্থাপন হ’ব৷
আনহাতে, সদনত বিধায়কৰ ব্যক্তিগত কার্যসূচী থকাৰ দিনা শূন্যকালীন ঘণ্টা নাথাকে যদিও এইবাৰ বিধানসভাৰ কার্য উপদেষ্টা পৰিষদে বিধায়কৰ ব্যক্তিগত কার্যসূচীৰ দিনটোতো শূন্যকালীন ঘণ্টা ৰখাৰ ব্যৱস্থা কৰিছে৷ ৫ দিনীয়া কার্যসূচীৰে হ’বলগীয়া বিধানসভাৰ এই শীতকালীন অধিৱেশন অহা ২৪ ডিচেম্বৰত অন্ত পৰিব।

Leave A Reply

Your email address will not be published.