ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ এখন বৈঠক কাইলৈ অৰ্থাৎ ২০ আৰু ২১ জুলাইত দুদিনীয়াকৈ গুৱাহাটী মালিগাঁওস্থিত সেৱাভাৰতী জনজাতি ছাত্রাবাস , আদিংগিৰীত অনুষ্ঠিত হ`ব । এই বৈঠকত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ পৰম পূজনীয় মাননীয় সৰসংঘচালক ডাঃমােহনৰাৱ ভাগৱতয়ে অংশগ্ৰহন কৰিব বুলি ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰান্ত প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে। এই উদ্দেশ্য মোহন ভাগৱতয়ে ২০ জুলাইত দিনৰ ভাগত গুৱাহাটীত উপস্থিত হ`ব। উক্ত বৈঠকত অখিল ভাৰতীয় ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কেবাগৰাকী অখিল ভাৰতীয় অধিকাৰীৰ লগতে অসম ক্ষেত্ৰৰ কাৰ্যকাৰিনীৰ সতে মাননীয় সৰসংঘচালকৰ বৈঠক অনুষ্ঠিত হ`ব। আনহাতে, বৈঠকত অসম ক্ষেত্ৰৰ বিবিধ সংগঠনৰ ক্ষেত্ৰ সংগঠন মন্ত্রীৰ উপৰি উত্তৰ অসম প্ৰান্ত, দক্ষিণ অসম প্ৰান্ত, অৰুণাচল প্ৰান্ত, মনিপুৰ প্ৰান্ত আৰু ত্ৰিপুৰা প্ৰান্তৰ প্ৰান্ত প্ৰচাৰক, প্ৰান্ত কাৰ্যবাহৰ লগতে সহ কাৰ্যবাহেৰ উপস্থিতিত এখন বৈঠকত অংশ ল`ব। এই বৈঠকত চৰকাৰী কভিড প্ৰট’কল নিয়ম অনুসৰি সকলােধৰণৰ ব্যৱস্থা কৰা হৈছে । আনহাতে, ২১ জুলাইৰ পুৱা ১১ বজাত শ্ৰীমন্ত শংকৰদেৱ আন্তৰাষ্ট্ৰীয় কলাক্ষেত্ৰত মাননীয় সৰসংঘচালক মোহন ভাগবতজীয়ে এখন গ্ৰন্থ উন্মোচনী সভাত অংশগ্রহণ কৰিব। দুদিনীয়া ভ্ৰমণ সামৰি সৰসংঘচালকৰ ডা: মোহন ভাগবতজীয়ে অসমৰ পৰা পোনে পোনে চেন্নাইলৈ যাব।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন