২১ জুনৰ পৰা শিৱসাগৰত ব্যাপক ক’ভিড-১৯ প্ৰতিষেধক অভিযান

0 201

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ প্ৰদান নিৰ্দেশ মৰ্মে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত অহা ২১ জুন তাৰিখৰ পৰা ১৮ বছৰ ঊৰ্ধৰ ব্যক্তিসকলৰ বাবে ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী পূৰ্বতকৈও অধিক ব্যাপক আৰু তীব্রতৰ কৰি তোলাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।
এই প্ৰস্তুতি সমূহৰ সন্দৰ্ভত পৰ্য্যালোচনা কৰাৰ অৰ্থে কালি শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত স্বাস্থ্য বিভাগ প্ৰমুখ্যে ৰাজহ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, বিভিন্ন বিভাগীয় বিষয়া আদিৰ সৈতে এখন সভা অনুষ্ঠিত হয়।
সভাত উপায়ুক্ত গৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰীৰ আহ্বান ক্ৰমে জিলাখনৰ ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীক এক ব্যাপক জন আন্দোলন ৰূপে গঢ়ি তোলা হ’ব। এই অভিযানত প্ৰতিষেধক প্ৰদান কেন্দ্ৰ সমূহত সম্পূৰ্ণ ক’ভিড-১৯ প্ৰট’কল মানি চলি ১৮ বয়সৰ উৰ্ধৰ ব্যক্তি সকলক প্ৰতিষেধক প্ৰদান কৰা হ’ব। তেওঁ উল্লেখ কৰে যে, এই অভিযানৰ প্ৰথম দিনা জিলাখনৰ মুঠ ৪০ টা কেন্দ্ৰত মুঠ ৮,০০০ পালি ক’ভিশ্বিল্ড প্ৰতিষেধক প্ৰদান কৰা হ’ব। উল্লেখ্য যে, ইয়াৰে ভিতৰত জিলাখনৰ ২৩ খন চাহ বাগিচাত স্থাপন কৰা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত ৩,৮০০ পালি কোভিশ্বিল্ড প্ৰতিষেধক প্ৰদান কৰা হ’ব আৰু জিলাখনৰ অন্যান্য ১৭ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত ৪,২০০ পালি কোভিশ্বিল্ড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে।  ইচ্ছুক ব্যক্তি সকলে প্ৰতিষেধক প্ৰদান কেন্দ্ৰলৈ আহি ঠাইতে অন-চাইট পঞ্জীয়ন কৰি প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে জানিবলৈ দিয়ে যে, জিলাখনত ৬ টা আদর্শ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰ সমূহ হ’ল- শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, মিলন মন্দিৰ, আমগুৰিৰ আউনিআটিয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, নাজিৰাৰ নাট্য মন্দিৰ, ডিমৌ পাব্লিক হল আৰু কোঁৱৰপুৰ কলা কৃষ্টি কেন্দ্ৰ। উপায়ুক্ত গৰাকীয়ে তেওঁৰ বক্তব্যত উল্লেখ কৰে যে, চৰকাৰী নিৰ্দেশনা মৰ্মে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অহা ব্যক্তি সকলৰ ৩০ শতাংশৰ ক’ভিড-১৯ পৰীক্ষা কৰোৱা হ’ব। এই পৰীক্ষা মুখ্যতঃ লক্ষণযুক্ত ব্যক্তি অথবা জটিল ৰোগত আক্ৰান্ত ব্যক্তিৰ কৰোৱা হ’ব। তেওঁ প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰি জনসাধাৰণক প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে আগ্ৰহী কৰি তোলা হ’ব বুলি ব্যক্ত কৰে। প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত বহাৰ ব্যৱস্থা, বিশুদ্ধ খোৱাপানীৰ লগতে তোৰণ, বেনাৰ, পোষ্টাৰ আদি লগোৱা হ’ব বুলিও তেওঁ উল্লেখ কৰে। এই প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় পি. পি. ই. কিট ইত্যাদি জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ এই প্ৰক্ৰিয়াত প্ৰতিষেধকৰ শূণ্য অপচয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।বিশেষভাৱে সক্ষম তথা বয়োজ্যেষ্ঠ লোকক প্ৰাধান্য দিয়া হ’ব বুলিও তেওঁ উল্লেখ কৰে। উপায়ুক্ত গৰাকীয়ে লগতে কয় যে, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰ বাবে ৫০০ পালি প্ৰতিষেধক প্ৰদান কৰা হ’ব আৰু প্ৰয়োজন সাপেক্ষে এই কেন্দ্ৰত নিশা ৮:০০ বজালৈ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া অব্যাহত থাকিব। তেওঁ কিছু সংখ্যক লোকৰ মনত থকা ভয়-ভ্ৰান্তি-সংশয় আদি আঁতৰাবলৈ ব্যাপক সজাগতা বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সকলোক আহ্বান জনায়।
সভাত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত শান্তি-শৃংখলা বজাই ৰখাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি অৱগত কৰে। তেওঁ কয় যে, প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অহা ব্যক্তি সকলক সান্ধ্য আইনৰ আওতাৰ পৰা ৰেহাই দিয়া হ’ব। অৱশ্যে, এই সুবিধাৰ দুৰ্ব্যৱহাৰ কৰা পৰিলক্ষিত হলে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ সদৰি কৰে।
সভাত জিলা উন্নয়ন আয়ুক্ত তথা প্ৰতিষেধক প্ৰক্ৰিয়াৰ দায়িত্বপ্ৰাপ্ত বিষয়া প্ৰণৱজিত কাকতিয়ে সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া তথা খণ্ড উন্নয়ন বিষয়া সকলক প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰ প্ৰয়োজনীয় সা-সুবিধা, বহাৰ ব্যৱস্থা, বিশুদ্ধ খোৱাপানী মজুতকৰণৰ লগতে সামাজিক ব্যৱধান বজাই ৰখা আৰু ক’ভিড প্ৰট’কল বাহাল ৰখাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।
স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মাই ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত থাকিবলগীয়া প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু স্বাস্থ্য সেৱাৰ লগত জড়িত ব্যক্তি সকলৰ বিষয়ে উল্লেখ কৰে। তেওঁ প্ৰতিখন প্ৰতিষেধক প্ৰদান কেন্দ্ৰত এজনকৈ চিকিৎসক আৰু একোখনকৈ এম্বুলেঞ্চ থকাটো বাধ্যতামূলক বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে, কেন্দ্ৰ সমূহৰ অন্তৰ্গত চিকিৎসা প্ৰতিষ্ঠান সমূহৰ চিকিৎসক সকল এই অভিযান কালত নিজ কৰ্মস্থলীত উপস্থিত থকাটো বাধ্যতামূলক। তেওঁ উল্লেখ কৰে যে, প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া পুৱা ৮:০০ বজাৰ পৰা আৰম্ভ কৰা হ’ব।
কালি সভাত নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ, সহকাৰী আয়ুক্ত মনালী প্ৰসাদ ৰজক, জিলা প্ৰতিষেধক বিষয়া ডাঃ অৰুন্ধতী বৰা হাজৰিকা, ৰাজহ চক্ৰ বিষয়া সকল, খণ্ড উন্নয়ন বিষয়া সকল, মহকুমা চিকিৎসা বিষয়া সকলৰ লগতে সহযোগী বিভাগ সমূহৰ বিষয়া সকল উপস্থিত থাকে।
ইয়াৰ পিছত উপায়ুক্ত বিষ্ণু কমল বৰাই বিভিন্ন ৰাজনৈতিক দল, জাতীয়-সামাজিক দল-সংগঠন, চাহ-জনজাতি সংগঠন, ব্যৱসায়িক সন্থা, ছাত্ৰ সন্থা আদিৰ প্ৰতিনিধি সকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত তেওঁ ২১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া ব্যাপক ক’ভিড-১৯ প্ৰতিষেধক অভিযানৰ প্ৰস্তুতি সম্পৰ্কে বিস্তৃতভাৱে অৱগত কৰে। তেওঁ এই অভিযান সফল কৰাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে। তেওঁ উপস্থিত সকলোকে সাধাৰণ ৰাইজক প্ৰতিষেধক গ্রহণ কৰাৰ বাবে আগ্ৰহী আৰু সচেতন কৰি তুলিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে, উপায়ুক্ত বিষ্ণু কমল বৰাই আজি এক সংবাদমেল সম্বোধন কৰি স্থানীয় সংবাদসেৱী সকলক জিলাখনত কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া ব্যাপক ক’ভিড-১৯ প্ৰতিষেধক অভিযানৰ বিষয়ে সবিস্তাৰে অৱগত কৰে।
বাতৰি যুগুতালে শিৱসাগৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.