২১ সংখ্যক সত্ৰীয়া সংস্কৃতি দিৱস উদযাপন

0 243

পলাশবাৰীৰ সমষ্টিৰ শ্ৰীশ্ৰীচতুৰ্ভূজ গোঁসাই সত্ৰ, গড়গৰাত আজি অসম সত্ৰ মহাসভাৰ অন্তৰ্গত দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ ২১ সংখ্যক সত্ৰীয়া সংস্কৃতি দিৱস দিনযোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয় । ৰাতিপুৱা ভৱিত দাসে উষা কীৰ্ত্তন পাঠ কৰাৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ সভাপতি অখিল মহন্তই । তাৰ পিছত একাদিক্ৰমে স্মৃতি তৰ্পন, বৃক্ষৰোপন, নাম-প্ৰসংগ কৰা হয় । লগতে সত্ৰীয়া সংস্কৃতিৰ ওপৰত এখনি ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাখন সঞ্চালন কৰে কামৰূপ জিলাৰ সত্ৰ মহাসভাৰ সভাপতি অখিল মহন্তই। আলোচক হিচাপে উপস্থিত থাকে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° গজেন্দ্ৰ অধিকাৰী , দক্ষিণ কামৰূপ ছোৱালী মহাবদ্যালয়ৰ অধ্যাপক ড° নৱকান্ত অধিকাৰী লগতে যুৱ বক্তা হিচাপে যুৱ লেখক ধনমণি দাস উপস্থিত বিষয়বস্তুৰ ওপৰত ভাষণ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.