২২ জানুৱাৰীত খেলো ইণ্ডিয়াৰ সামৰণি অনুষ্ঠান

0 293

খেলো ইণ্ডিয়া গেমছৰ সামৰণি অনুষ্ঠান অহা ২২ জানুৱাৰীৰ কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।এই সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰণ ৰিজিজু আৰু বলিউডৰ অভিনেতা  বিবেক অবেয়ৰ উপস্থিত থাকিব।সামৰণি অনুষ্ঠানত চীনৰ মাৰ্চেল আৰ্ট প্ৰদৰ্শিত হ’ব ।এই মন্তব্য খেলো ইণ্ডিয়াৰ চি ই অ’ অভিনাশ যোশীৰ।খেলো ইণ্ডিয়াৰ গেমছত অসমে সম্প্ৰতি সপ্তম স্থান অধিকাৰ কৰাৰ কথা জানিবলৈ দি যোশীয়ে কয় যে আগন্তুক দিনত অসমৰ খেলুৱৈয়ে অধিক অগ্ৰগতি লাভ কৰিব বুলি আমি আশাবাদী ।লগতে খেলো ইণ্ডিয়া গেমছৰ সামৰণি অনুষ্ঠানৰ সাক্ষী হ’বলৈ সকলোকে আহ্বান জনায়।

Leave A Reply

Your email address will not be published.