২৬ ডিচেম্বৰত অনুষ্ঠিত হ’ব ৰাভা শিল্পী সমাৰোহ

0 221

অহা ২৬ ডিচেম্বৰত গোৱালপাৰা জিলাৰ আগিয়াৰ নিকটৱৰ্তী বালাচাৰী আমগুৰিত অনুষ্ঠিত হ’ব ৰাভা শিল্পী সমাৰোহ।প্ৰথম বাৰৰ বাবে ৰাভা শিল্পী সমাজে এই সমাৰোহ অনুষ্ঠিত কৰিব লৈছে। ইতিমধ্যে ইয়াৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।এই সমাৰোহত ৰাভা জনগোষ্ঠীৰ শিল্পী সকল মিলিত হ’ব।
লগতে এই সমাৰোহত ৰাভা জনগোষ্ঠীৰ সংস্কৃতিৰ ৫ গৰাকী লোকক বিশেষ বঁটা দিয়া লগতে ১৫ গৰাকী ৰাভা শিল্পীক ৰাভা সকলৰ গৌৰৱ হিচাপে সম্বৰ্দ্ধনা জ্ঞাপন কৰিব।২৬ ডিচেম্বৰ ৰাতিপুৱাৰে পৰা নিশাৰ ভাগলৈ অনুষ্ঠিত হ’বলগীয়া উক্ত সমাৰোহত সংস্কৃতি প্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে। এই উপলক্ষে কালি জিলাখনৰ টুকুৰাৰ হোটেল প্ৰিন্স’ত আয়োজিত এখন সংবাদমেলত ৰাভা শিল্পী সমাজৰ সভাপতি তৰুণ চন্দ্ৰ ৰাভাই সমাৰোহখনিৰ কার্যক্রমণিকা দাঙি ধৰে।

Leave A Reply

Your email address will not be published.