উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত ২৭ছেপ্তেম্বৰৰ পৰা ১৪ অক্টোবৰলৈ গুৱাহাটী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’ব ২৬সংখ্যক আন্তঃ ৰাষ্ট্ৰীয় বাণিজ্য মেলা।আজি মহানগৰীৰ হোটেল গ্ৰেটৱেত অনুষ্ঠিত এক সংবাদ মেলত উদ্যোক্তা ৰাজেশ দাস কয় যে বাণিজ্য মেলাখনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিপনী থকাৰ লগতে থাইলেণ্ড, আফগানিস্তান আদিৰ বিপনীয়ে অংশগ্ৰহণ কৰিব ।মেলাৰ লগত সংগতি ৰাখি ৰন্ধন প্ৰতিযোগিতা আৰু ফেশ্বন শ্বৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।আনহাতে বাণিজ্য মেলাতেই Rennaisane শীৰ্ষক ছবিখন মঞ্চত পৰিবেশন কৰিব।সংবাদমেলত উপস্থিত থাকি অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কয় যে গৃহ চহৰত সকলোৱে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খাদ্যৰ লগতে বজাৰ কৰাৰ সুবিধা লাভ কৰিব।উল্লেখযোগ্য যে এনেধৰণৰ বাণিজ্য মেলা পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব ।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা