৩০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব গুৱাহাটী গ্ৰন্থমেলা

0 239

অসম প্ৰকাশন পৰিষদৰ ৩৩ তম গুৱাহাটী গ্ৰন্থমেলা অহা ৩০ ডিচেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ বাৰদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে চান্দমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব।ক’ভিড-১৯ মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোধৰণৰ সাৱধানতা অৱলম্বন কৰি গ্ৰন্থমেলাৰ কাৰ্য্যসূচী সমূহ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।
 
 
এই সম্পৰ্কে জানিবলৈ দি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে চৰকাৰৰ অনুমতিৰ বাবে ইতিমধ্যে সকলো যোগাযোগ আৰম্ভ কৰা হৈছে।৩০ নৱেম্বৰ ২০২০ ৰ পাছত ক’ভিড-১৯ৰ কাৰণে আৰোপ কৰা বাধা নিষেধ বহুখিনি শিথিল হ’ব আৰু গ্ৰন্থমেলা আয়োজন কৰাৰ বাবে আপেক্ষিকভাৱে অনুকূল পৰিৱেশ আহিব বুলিও কলিতাই আশা প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.