৩৩ তম গুৱাহাটীৰ গ্ৰন্থমেলাৰ বাবে বিপনীৰ বাবে আবেদন গ্ৰহণ

0 220

অহা ৩০ ডিচেম্বৰ পৰা ১০ জানুৱাৰী ২০২১ লৈ বাৰদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া অসম প্ৰকাশন পৰিষদৰ ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাৰ বাবে বিপনী সংৰক্ষণ আৰু পঞ্জীয়নৰ প্ৰক্ৰিয়া ২৬ নৱেম্বৰ ২০২০ ৰ পৰা আৰম্ভ কৰা হৈছে।১ ডিচেম্বৰ পৰা বিপনী পঞ্জীয়নৰ কাম আৰম্ভ কৰা কথা আছিল যদিও প্ৰকাশক আৰু গ্ৰন্থ বিক্ৰেতাসকলৰ আগ্ৰহ আৰু অনুৰোধৰ বাবে ২৬ নৱেম্বৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
 
 
আগ্ৰহী প্ৰকাশক আৰু গ্ৰন্থ বিক্রেতাসকলে অসম প্ৰকাশন পৰিষদৰ ৱেবচাইটৰ পৰা(www.publicationboardassam.com ) গ্ৰন্থ বিপনীৰ ষ্টল সংৰক্ষণৰ বাবে আবেদন পত্ৰ ডাউনলোড কৰি ল’ব পাৰিব।এই আবেদনপত্ৰ পূৰণ কৰি নিৰ্দিষ্ট নিৰিখৰ নগদ ধন অথবা বেংক ড্ৰাফটৰ যোগেদি পৰিষদৰ কাৰ্যালয়ত পোনে পোনে ডাকযোগে অহা ১০ ডিচেম্বৰ আগতে পোৱাকৈ জমা দিব পাৰিব।
উল্লেখযোগ্য যে বিপনীৰ ষ্টলসমূহ লটাৰীযোগে আবন্টন কৰা হ’ব।ক’ভিড-১৯ আৰু লকডাউনৰ বাবে ক্ষতিৰ সন্মুখীন হোৱা গ্ৰন্থ উদ্যোগটো প্ৰতি লক্ষ্য ৰাখি অসম প্ৰকাশন পৰিষদে গ্ৰন্থ বিপনীৰ নিৰিখ ১০% হ্ৰাস কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে।লগতে ৩৩ তম গুৱাহাটীৰ গ্ৰন্থমেলাত গ্ৰন্থ উন্মোচন কৰিব বিচৰা ব্যক্তি সকলে অহা ২৭ নৱেম্বৰ পৰা পৰিষদৰ কাৰ্যালয়লৈ আহি যোগাযোগ কৰিব পাৰিব বুলি বিবৃতি যোগে অসম প্ৰকাশন পৰিষদে জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.