৩৩ তম গুৱাহাটী গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন

0 227

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অহা ৩০ ডিচেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব লগীয়া ৩৩ তম গুৱাহাটীৰ গ্ৰন্থ মেলাৰ আজি লাইখুঁটা স্থাপন কৰা হয়।গুৱাহাটী চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আজি পুৱাৰ ভাগত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই এই শুভকার্য সম্পন্ন কৰে।
অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাকে প্ৰমুখ্য কৰি পৰিষদৰ সকলো বিষয়া কৰ্মচাৰী উপস্থিতিত গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰি চলিহাই কয় যে এইবাৰৰ গ্ৰন্থমেলা বহু দিশৰ পৰা গুৰুত্বপূৰ্ণ হ’ব।ক’ৰণা মহামাৰী বাবে দীৰ্ঘদিনৰ পাছত গুৱাহাটী গ্ৰন্থমেলাৰ দৰে ঐতিহ্যমণ্ডিত অনুষ্ঠানৰ আয়োজন কৰা হৈছে।পূৰ্বৰ দৰে এইবাৰো গ্ৰন্থ প্ৰেমী ৰাইজৰ সহযোগত গুৱাহাটী গ্ৰন্থমেলা সাফল্যমণ্ডিত হ’ব বুলি চলিহাই আশা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে এই পৰ্যন্ত ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ শতাধিক গ্ৰন্থ বিপণীয়ে এইবাৰৰ গ্ৰন্থ মেলাত অংশগ্ৰহণ নিশ্চিত কৰিছে। গ্ৰন্থ মেলাৰ সৈতে সংগতি ৰাখি ১২ দিনীয়া কাৰ্যসূচী ইতিমধ্যে প্ৰস্তুত কৰি তোলা হৈছে।অহা ৩০ ডিচেম্বৰ উদ্বোধনী অনুষ্ঠানত কলকাতাৰ বিশিষ্ট লেখক চিন্তাবিদ তথাগত ৰয়ে সন্মানীয় অতিথি আৰু অৰুণাচলৰ বিশিষ্ট লেখক য়েছে দৰজে ঠংচিয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

Leave A Reply

Your email address will not be published.