৫ আগষ্টৰ দিনটো ‘কৰ্মচাৰী দিৱস’ ঘোষণা- ৰাজ্য চৰকাৰৰ সিদ্ধান্তক আদৰণি সদৌ অসম আমোলা সন্থাৰ

0 228

অসমৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী প্ৰয়াত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৫ আগষ্টৰ মুত্যু দিৱসৰ দিনটো প্ৰতি বছৰে ‘কৰ্মচাৰী দিৱস’ হিচাপে পালন কৰাৰ বাবে অসম মন্ত্ৰী সভাৰ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক সদৌ অসম আমোলা সন্থাই আদৰণি জনোৱাৰ লগতে অসম চৰকাৰক ধন্যবাদ জনাইছে ৷সদৌ অসম আমোলা সন্থাৰ ৰাজ্যিক সভাপতি দিলিপ কোঁৱৰ আৰু সাধাৰণ সম্পাদক সত্যনাৰায়ণ ৰায়ে কয় যে, অসম ৰাজ্যৰ অ-ৰাজপত্ৰিত আমোলা সকল হ’ল চৰকাৰৰ এক চালিকা শক্তি বা ইন্ধন।
যি ক্ষুদ্ৰ ক্ষুদ্ৰ কৰ্মশক্তিৰ জৰিয়তে চৰকাৰৰ উন্নয়নমূলক কাম সমূহ নিয়াৰিকৈ সম্পূৰ্ণ হোৱাত জিলা পৰ্যায়ৰ আমোলাসকলে বিশেষ ভূমিকা লয় ৷সেয়েহে সদৌ অসম আমোলা সন্থাই বিগত কিছু বছৰ আগৰে পৰাই শিক্ষক দিৱসৰ নিচিনাকৈ জিলা পৰ্যায়ৰ কাৰ্যালয়ত কৰ্মৰত আমোলা সকলোৰ কৰ্মক উৎসাহিত কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে৷

Leave A Reply

Your email address will not be published.