৫ বছৰৰ ভিতৰত অসম আৰক্ষীৰ মৌলিক পৰিৱৰ্তন ৰাইজে প্ৰত্যক্ষ কৰিব পাৰিব-মুখ্যমন্ত্ৰী

0 243

মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই আজি অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত সহ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ অসম আৰক্ষীৰ আধুনিকীকৰণৰ বিভিন্ন দিশ সম্পৰ্কত বিতংভাৱে আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ মুখ্য কাৰ্যালয়ত পদাৰ্পণ কৰাৰ লগে লগে “গাৰ্ড অৱ অনাৰে”ৰে তেখেতক আনুষ্ঠানিকভাৱে অভিবাদন জনোৱা হয়।
ইয়াৰ পিছতে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড’ শৰ্মাই কয় যে ৰাজ্যখনৰ ১ লাখ শিক্ষিত যুৱক-যুবতীক চাকৰি প্ৰদানৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে সংকল্প লৈছে। ইয়াৰ পৰিশ্ৰেক্ষিতত অসম আৰক্ষীত বৰ্তমানে খালী হৈ থকা পদসমূহ স্বচ্ছতাৰে অতি সোনকালে কেনেদৰে পূৰণৰ পদক্ষেপ ল’ব পৰা যায় সেই সম্পৰ্কে আলোচনা কৰা হৈছে। আৰক্ষীৰ বদলিকৰণ তথা পোষ্টিঙৰ ক্ষেত্ৰত সম্পূৰ্ণ মেধা আৰু দক্ষতাৰ ভিত্তিত ব্যৱস্থা লোৱা হ’ব বুলিও তেওঁ কয়। ইয়াত যাতে কোনোধৰণৰ হস্তক্ষেপ নাথাকে সেইটো সুনিশ্চিত কৰাৰ পদক্ষেপ সম্পৰ্কত আজি প্রাৰম্ভিক পৰ্যায়ত আলোচনা কৰা হৈছে বুলিও তেওঁ কয়। ক’ৰবাত যদি চিণ্ডিকেট ইত্যাদিৰ সম্ভেদ পায় তেতিয়াহ’লে সাংবাদিকসকলক তাৎক্ষণিকভাৱে আৰক্ষী সঞ্চালক প্ৰধানক অৱগত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। পাঁচ বছৰৰ ভিতৰতে অসম আৰক্ষীৰ মৌলিক পৰিৱৰ্তন ৰাজ্যখনৰ জনসাধাৰণে প্রত্যক্ষ কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে চৰকাৰে ৰাজ্যখনৰ আৰক্ষী থানাসমূহৰ কাম-কাজ সূচলতৰ কৰাৰ বাবে পদক্ষেপ ল’ব। আৰক্ষী বাহিনীৰ লোকসকলৰ কৰ্তব্যৰ চাপ হ্ৰাস কৰাৰ বাবে ব্যৱস্থা লোৱা হ’ব।
মুখ্যমন্ত্ৰীৰ পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.