৬০ হাজাৰ খিলঞ্জীয়াক মাটিৰ পট্ৰা বিতৰণ কৰিব-মুখ্যমন্ত্ৰী

0 190

অহা ৫ অক্টোবৰত অসমৰ ১০ হাজাৰ খিলঞ্জীয়া পৰিয়ালৰ মাজত মাটিৰ পট্ৰা বিতৰণ কৰা হ’ব । ইতিমধ্যে প্ৰায় ৪৬ হাজাৰ খিলঞ্জীয়া পৰিয়াললৈ ৰাজ্য চৰকাৰে মাটিৰ পট্ৰা প্ৰদান কৰিছে।এই পদক্ষেপৰ ফলত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যৰ ১ লাখৰো অধিক খিলঞ্জীয়া পৰিয়াললৈ মাটি পট্ৰা বিতৰণৰ কাম সম্পূৰ্ণ হ’ব।
 
 
 
আজি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত ৰাজহ বিভাগৰ এক পৰ্য্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী য়ে এই কথা ঘোষণা কৰে। তদুপৰি অহা ২৪ ছেপ্টেম্বৰত অৰুন্ধতী আঁচনি হিতাধিকাৰী সকলৰ মাজত ৪০ হাজাৰ টকাকৈ সাহাৰ্য্য বিতৰণৰ প্ৰক্ৰিয়াও মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানিকভাবে উদ্বোধন কৰিব।উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে বাজেট ঘোষণা অনুসৰি নৱবিবাহিত দম্পতি সকললৈ বৰ্তমানৰ মূল্যত এই আঁচনি অধীনত চৰকাৰে ১ তোলা সোণৰ মূল্য আগবঢ়াব।
 
 
ৰাজহ বিভাগৰ এই পৰ্যালোচনা বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি যোৰহাট ক্ষুদ্ৰ চাহ খেতিয়ক সকললৈও অনুষ্ঠানিকভাৱে মাটি পট্ৰা বিতৰণৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হ’ব । বান খহনীয়াত গৃহহীন হোৱা লোকসকলক পুনৰ সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে হাতত ল’ব খোজা পুনৰ সংস্থাপনৰ নীতিও অতি সোনকালে চূড়ান্ত কৰি তোলা হ’ব । তদুপৰি মাজুলী , তেজপুৰ আৰু বৰপেটা তিনিটা ফ্লাড চেণ্টাৰ আধাশিলা অতি সোনকালে স্থাপন কৰা হ’ব বুলি আজি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে।
 
বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটি পট্ৰা প্ৰদান কৰা বিষয়টো বৰ্তমান ৰাজ্য চৰকাৰখনে অগ্ৰাধিকাৰ ভিত্তিত গ্ৰহণ কৰিছে।অহা ৫ অক্টোবৰত ৰাজ্য জিলাই জিলাই অনুষ্ঠিত হ’বলগীয়া মাটি পট্ৰা প্ৰদান অনুষ্ঠানত সংশ্লিষ্ট জিলা দায়িত্বত থকা মন্ত্ৰী আৰু সাংসদসকলকো জড়িত কৰা ব্যৱস্থা ল’বলৈ আজি বৈঠকত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
 
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্য খিলঞ্জীয়া ভূমি অধিকাৰ সুৰক্ষিতকৰণৰ বাবে ৰাজ্য চৰকাৰে হৰি শংকৰ ব্ৰহ্ম নেতৃত্বত গঠিত সমিতি প্ৰতিবেদনৰ অধিকাংশই ৰূপায়ণৰ পদক্ষেপ লৈছে।ইয়াৰ আধাৰতে ৰাজ্য চৰকাৰে ২০১৯ বৰ্ষৰ এক নতুন ভূমি নীতি গ্ৰহণ কৰিছে।
 
তদুপৰি ইয়াৰ আধাৰতে সত্ৰ আদি ভূমি বেদখল উচ্ছেদ কৰি বেদখল মুক্ত কৰাৰ পদক্ষেপ লৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।আজি এই বৈঠকত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত,ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মোহন, মুখ্যমন্ত্ৰী মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী,মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ,অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা,মুখ্যমন্ত্ৰী প্ৰধান সচিব সঞ্জয় ,ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া এম মনিবন্ননকে ধৰি বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.