৮ বছৰীয়া শিশুৰ বাঁহীৰ সুৰে মুগ্ধ কৰিছে সকলোকে

0 221

সোণাৰিৰ এটি ৮ বছৰীয়া শিশু । নাম অংশুমান গগৈ । শিশুটিৰ ঘৰ চৰাইদেউ জিলাৰ সাপেখাতীৰ মৰাণহাবী গাঁৱত । পিতৃ সঞ্জীৱ গগৈ আৰু মাতৃ ময়ুৰী গগৈৰ পুত্ৰ অংশুমান এতিয়া সকলোৰে পৰিচিত নাম।
 
 
অংশুমানৰ এটা ভিডিঅ’ এতিয়া চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে । অংশুমানে খুব সুন্দৰকৈ বাঁহী বজাই সকলোৱে মন জয় কৰিবলৈ সক্ষম হৈছে ।পাঁচ বছৰ বয়সৰ পৰাই অংশুমানে বাঁহীৰ প্ৰতি আগ্ৰহী হৈ এবছৰ পূৰ্বে বাঁহী বজাবৰ বাবে চন্দন গগৈ কাষ চাপে।
 
প্ৰতিভা কেতিয়াও লুকাই নাথাকে তাৰেই প্ৰমাণ দাঙি ধৰি এবছৰতে সুন্দৰকৈ বাঁহীৰ সুৰ আয়ত্ব কৰি বাঁহীত বিভিন্ন সুৰে এতিয়া সকলোৱে মন জয় কৰিবলৈ সক্ষম হ’ল অংশুমান । এটা অসমীয়া আধুনিক গীতৰ সুৰ বাঁহীত বজোৱাৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই অংশুমানৰ প্ৰতিভাক লৈ সকলো উৎফুল্লিত হৈ পৰে।একে নিশাই ব্যাপক চৰ্চা লাভ কৰা অংশুমানে বাঁহী বাদক হিচাপে জগত জিনক আমিও তাকেই কামনা কৰিলো ।
খবৰ যুগুতালে সোণাৰিৰপৰা অভিজিৎ ভূঞাই

Leave A Reply

Your email address will not be published.