ৰঙাপৰাত ভাৰতীয় সেনাৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন

0 220

ৰঙাপৰাত ভাৰতীয় সেনাৰ উদ্যোগত কালি এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় । ৰঙাপৰাৰ মিতালী খেলপথাৰত আয়োজিত স্বাস্থ্য পৰীক্ষা শিবিৰটোত ৰঙাপৰা অঞ্চলৰ ভালেসংখ্যক লোকৰ স্বাস্থ্য বিনামূলীয়া সেনাৰ তত্বাৱধানত কৰাৰ লগতে পশুৰো স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা কৰা হয় । উল্লেখ্যে যে, ক’ভিড প্ৰটকল মানি অনুষ্ঠিত কৰা চিকিৎসা শিবিৰটোত অঞ্চলটোৰ ৩৫০ জনৰো অধিক লোকে স্বাস্থ্য পৰীক্ষা কৰোওৱাৰ লগতে ১২০ টাকৈ পশুক দুজনকৈ চিকিৎসকে বিনামূলীয়াকৈ পৰীক্ষা আৰু আৱশ্যকীয় চিকিৎসা সেৱা প্ৰদান কৰে । ভাৰতীয় সেনাৰ এই মহানুভৱ পদক্ষেপক অঞ্চলবাসী ৰাইজে ভূঁয়সী প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।
বাতৰি যুগুতালে প্ৰাঞ্জলে..

Leave A Reply

Your email address will not be published.