ৰঙিয়াত দিব্যাংগসকলক লগত লৈ গৰীৱ নন্দন জনকল্যাণ সমিতিৰ অৱস্থান ধৰ্ঘঘট

0 179

বিশেষ ভাবে সক্ষম লোক সকলৰ হৈ ৰঙিয়া নগৰৰ মাজমজিয়াস্থিত গান্ধীমণ্ডপ প্ৰাংগনত গৰীৱ নন্দন জনকল্যাণ সমিতি নামৰ বেচৰকাৰী সংস্থাটোৱে আজি এক অৱস্থান ধৰ্ঘঘট পালন কৰে । সংস্থাটোৰ সভাপতি বিপুল কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে,ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়া মহকুমাতো গৰিষ্ঠসংখ্যক বিশেষ ভাৱে সক্ষম লোক বঞ্চিত হৈ আছে । চৰকাৰৰ দিব্যাংগ পেঞ্চনটোৰ বাবে বাট চাই চাই কিছুমানৰ মৃত্যু হ’ল, একাংশৰ আকৌ দিব্যাংগ প্ৰ-পত্ৰখনৰ ম্যাদ উকলিল,কিন্তু কোনো সুফল লাভ নকৰিলে চৰকাৰী আচঁনিৰ। কলিতাই চৰকাৰক অনুৰোধ কৰি কয় যে,‌ অহা দহ ফেব্ৰুৱাৰীৰ ভিতৰত এই বঞ্চিত লোক সকলৰ পেঞ্চনটো যেন মোকলাই দিয়াৰ ব্যৱস্থা কৰে।

Leave A Reply

Your email address will not be published.