ৰঙিয়া মহকুমাত ৭৩ তম গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সভা

0 260

আগন্তুক ৭৩ সংখ্যক গণৰাজ্য দিৱস পালনৰ উদ্দেশ্যে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি (অসামৰিক) লীনা কুমাৰী পাৱেৰ পৌৰোহিত্যত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰঙিয়া মহকুমাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ প্ৰতিনিধি সকলৰ উপস্থিতিত সমাগত গণৰাজ্য দিৱস উদযাপন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। মহকুমাধিপতিগৰাকীয়ে অহা ২৬ জানুৱাৰীত পালন কৰিবলগীয়া গণৰাজ্য দিৱসটিৰ বাবে সকলো বিষয়া আৰু কৰ্মচাৰীক তেওঁলোকৰ ওপৰত ন্যস্ত কৰা নিজা নিজা দায়িত্বসমূহ নিষ্ঠাৰে পালন কৰিবলৈ অনুৰোধ জনায়। মহকুমাধিপতি গৰাকীয়ে সকলোকে নিৰ্ধাৰিত সময়ৰ পূৰ্বে কামসমূহ সম্পাদন কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰিও এই ক্ষেত্ৰত প্ৰশাসনক সকলো সহায় – সহযোগিতা আগবঢ়াবলৈ সকলোকে আহ্বান জনায়।উল্লেখ্য যে, গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিবলগীয়া বিভিন্ন প্ৰতিযোগিতা আদিৰ বিষয়ে ও মহকুমাধিপতি গৰাকীয়ে সদৰী কৰে। আজিৰ সভাত ৰঙিয়া মহকুমাৰ সহকাৰী আয়ুক্ত চম্পক ডেকা, অম্লান বৈশ্য, নিৰ্বাচন বিষয়া ড০ নীল হৰিৎ কৌশিক, ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী প্ৰমুখ্যে মহকুমা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীবৃন্দ সকলকে ধৰি বিভিন্ন বিভাগৰ মহকুমা মুৰব্বী, বিভাগীয় প্ৰতিনিধি, বিভিন্ন স্বেচ্ছাসেৱী সংস্থা তথা সাধনাৰ সম্পাদক যোগাচাৰ্য জ্যোতিষ কলিতা, সামাজিক অনুষ্ঠান আৰু স্থানীয় বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.